Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 11:07 am

Home » Regional » Assam » জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাক সন্মানীয় ডক্টৰেট উপাধি বাংগালোৰৰ বিশ্ববিদ্যালয়ৰ

জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাক সন্মানীয় ডক্টৰেট উপাধি বাংগালোৰৰ বিশ্ববিদ্যালয়ৰ

বাংগালোৰ : বাংগালোৰৰ ভাৰত ভাৰ্চুৱেল ইউনিভাৰ্চিটি ফৰ পিচ এণ্ড ইডুকেচনে সাংবাদিক ফৰহাদ ভূঞাক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰে। আজি বাংগালোৰৰ গুড ছেফাৰ্ড অডিটৰিয়ামত অনুষ্ঠিত দীক্ষান্ত সমাৰোহত এই বঁটা প্ৰদান কৰা হয়। 
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় প্ৰশাসনিক বিষয়া তথা ৰাজস্থানৰ শ্ৰম আয়ুক্ত কমল জৈন,বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি ড° টি এন স্বামী, সভাপতি ড° কুমাৰ ৰাজেশ, উপ-সভাপতি ড°এম এম আহমেদ আদি। দেশৰ বিভিন্ন প্ৰান্তৰ নিজ নিজ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে ৪৩ জন বিশেষ ব্যক্তিক আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সন্মানীয় ডক্টৰেট ডিগ্ৰী বঁটা প্ৰদান কৰে। বিশ্ববিদ্যালয়খনে প্ৰতিবছৰে মানৱ অধিকাৰ, শিক্ষা, সাংবাদিকতা, সমাজৰ উন্নয়নত সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা, কৰ্মদক্ষতাৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ নিৰ্বাচিত ব্যক্তি বিশেষক এই সন্মান আৰু স্বীকৃতি প্ৰদানৰ লক্ষ্য আগত ৰাখি কাম কৰি আহিছে।
উল্লেখযোগ্য যে ফৰহাদ ভূঞাই বিগত দিনত সংবাদ সেৱা, সমাজসেৱা আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁ লোৱা পদক্ষেপ আৰু অনবদ্য বৰঙণি বাবেই এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে। বিগত ২৫ বছৰ ধৰি ভূঞাই সংবাদ সেৱা আগবঢ়াই আছে। ভূঞা অসম চৰকাৰৰ জনসংযোগ বিভাগৰ এক্ৰিডেটেড সাংবাদিক। বৰ্তমান ভূঞা দৈনিক গণ অধিকাৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। স্কুলত পঢ়ি থাকোঁতে ভূঞাই তিনিদিনীয়া অগ্ৰদূতৰ শিশু শিতানৰ নিয়মীয়া লেখক আছিল। সাংবাদিক হিচাপে ১৯৯৫ চনৰ পৰা পষেকীয়া গণ অধিকাৰ, সাপ্তাহিক মুজাহিদ কাকতত সংবাদ সেৱা আগবঢ়ায়। ইয়াৰ পিছত দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, অসমীয়া খবৰ আদি কাকততো সংবাদ সেৱা আগবঢ়াইছিল। ‘ফচল’ নামৰ অসমীয়া মাহেকীয়া আলোচনীৰ সম্পাদকৰ দায়িত্বও পালন কৰিছে ভূঞাই। ফৰহাদ ভূঞাৰ তত্বগধুৰ লিখনি বিভিন্ন কাকত, আলোচনীত প্ৰকাশ হৈ আছে। ইয়াৰোপৰি ভূঞাৰ ৰচিত কবিতা বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে।ইতিমধ্যে ভূঞাই এণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েচনলৰ তথ্য চিত্ৰ সাংবাদিকতা বঁটা লাভ কৰিছে। ভূঞাই মূলত চৰ- চাপৰিৰ বিভিন্ন সমস্যাৰ বিষয়ে মাত মাতিছে। ইয়াৰ উপৰি নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবেও সংগ্ৰাম কৰি আহিছে। শেষতীয়াকৈ এইবোৰ সমস্যাৰ বিষয়েড় ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত তুলি ধৰিব সক্ষম হৈছে। বিগত ২০ বছৰে ভূঞাই বানপানীৰ সময়ত চৰ অঞ্চলৰ বানপীড়িত লোকক উদ্ধাৰ, খাদ্য সামগ্ৰী যোগান ধৰি আহিছে। চৰ-চাপৰি অঞ্চলৰ মানুহৰ নাগৰিকত্বৰ সমস্যাৰ বিষয়েও ভূঞাই মাত মাতি আহিছে। এন আৰ চিৰ আবেদনৰ সময়ত ভূঞাই নিজেলিখা হাতপুথি প্ৰকাশ কৰি ৰাইজৰ মাজত বিতৰণ কৰাৰ লগতে ঠায়ে ঠায়ে সজাগতা সভাৰ জৰিয়তে ৰাইজক সজাগ কৰিছিল। চৰ অঞ্চলৰ মহিলা শিক্ষাৰ ওপৰত জৰীপ কৰা, কণ কণ ল’ৰা ছোৱালীক বিদ্যালয়ত পঢ়ুৱাবলৈ সজাগতা সভা কৰা আদি বহু কাম কৰিছে। ভূঞা বহৰিৰ এৰোমা ইংলিছ স্কুলৰ প্ৰতিষ্ঠাপক আৰু সভাপতিৰো দায়িত্ব পালন কৰি আছে। গুৱাহাটী বৰাগাঁওস্থিত মাৰ্কছ ইন্টিগ্ৰেটেট একাডেমীৰো উপদেষ্টা।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon