Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 5:57 pm

Home » Regional » Assam » বিজেপিত যোগদানৰ মন মেলিছে বিৰোধীৰ ১৫জনকৈ বিধায়কে

বিজেপিত যোগদানৰ মন মেলিছে বিৰোধীৰ ১৫জনকৈ বিধায়কে

সদ্যসমাপ্ত পাঁচ বিধানসভা সমষ্টিৰ উপ–নির্বাচনত বিজেপিৰ চমকপ্রদ ফলাফলৰ পাছতেই বিজেপিত যোগদানৰ প্রতি আগ্রহী হৈ পৰিছে বিৰোধীৰ ইজনৰ পাছত সিজন বিধায়ক৷ যোৱা শনিবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বিৰোধীৰ দুজন বিধায়ক অচিৰেই বিজেপিত যোগদানৰ ইংগিত দি মাজুলীৰ লগতে সেই দুটা সমষ্টিতো উপ–নির্বাচন অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰে৷ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ সেই মন্তব্যৰ পাছতে ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছত তীব্র আলোড়ন সৃষ্টি হৈছে৷ বিজেপিৰ তৰফৰ পৰা বিৰোধীৰ কোন বিধায়ক বিজেপিত যোগদান কৰিব, সেই বিষয়ে প্রকাশ কৰা নাই যদিও ইতিমধ্যে সংবাদ মাধ্যমত বিভিন্নজন কংগ্রেছ বিধায়কৰ নাম চর্চালৈ আহিছে৷

যোৱা দিনসমূহত বিজেপিৰে ঘনিষ্ঠতা ৰক্ষা কৰি অহা ৪–৫জন কংগ্রেছ বিধায়কৰ নাম সেই চর্চাত আছে৷ এনে অৱস্থাৰ মাজতে গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিৰোধীৰ ১৫জনকৈ বিধায়কৰ বিজেপিত যোগদানৰ মন থকাৰ ইংগিত দিয়ে৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিজেপিলৈ বিৰোধীৰ বিধায়ক আহিব বিচৰা তালিকাখন বহুত দীঘল৷ সংবাদ মাধ্যমৰ প্রতিনিধিসকল নিশা তেওঁৰ বাসভৱনত থাকিলেই জানিব পাৰিব তালিকাখন কিমান দীঘলীয়া৷ উপ–নির্বাচন পাতিব লাগিলে তেওঁ ১৫টামান সমষ্টিত উপ–নির্বাচন পতাৰ কথা ভাবিব পাৰে৷ কিন্তু তেওঁ উপ–নির্বাচন পাতি থাকিলে উন্নয়নমূলক কাম–কাজ ব্যাহত হ’ব৷ ১৫টা সমষ্টিত উপ–নির্বাচন হ’লে এটা মাহ তেওঁ সেই সমষ্টিসমূহত নির্বাচনী প্রচাৰত ব্যস্ত থাকিব লাগিব৷ সেয়ে তেওঁ সকলো চালি–জাৰি চাইহে সিদ্ধান্ত ল’ব বুলি প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাজুলীত উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ তাৰ আগে–পিছে যদি বাধ্যত পৰি ক’ৰবাত দুই–এটা সমষ্টিত উপ–নির্বাচন পাতিব লাগে, সেয়া বেলেগ কথা৷ তদুপৰি অহা ফেব্রুৱাৰী মাহত পৌৰ নির্বাচন অনুষ্ঠিত হ’ব৷
মুখ্যমন্ত্রী ড০ শর্মাৰ এই ভাষ্যৰ পৰা এটা কথা স্পষ্ট হৈছে অচিৰেই বিৰোধীৰ দুজন বিধায়ক বিজেপিত যোগদান কৰাটো একপ্রকাৰ নিশ্চিত৷ যাৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে মাজুলীকে ধৰি দুই–এটা সমষ্টিত উপ–নির্বাচন পাতিবলগীয়া হোৱাটো বেলেগ কথা বুলি মন্তব্য কৰে৷ তদুপৰি বিভিন্ন সময়ত বিৰোধী কংগ্রেছ–এ আই ইউ ডি এফৰ একাংশ বিধায়কে বিজেপিৰে মধুৰ সম্পর্ক ৰক্ষা কৰি অহা বুলি সংবাদ মাধ্যমত চলি অহা চর্চাও যে অসত্য নহয়, সেয়াও মুখ্যমন্ত্রীৰ ভাষ্যতে ওলাই পৰিছে৷ নহ’লে তেওঁ উপ–নির্বাচন পাতিব লাগিলে ১৫টামানত পাতিব পাৰোঁ বুলি নক’লেহেঁতেন৷
ইপিনে, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব বিধায়ক জয়ন্ত মল্ল বৰুৱাই বিৰোধীৰ বিধায়কে বিজেপিত যোগদানৰ বাবে মন মেলাৰ সত্যতা স্বীকাৰ কৰি কয়– আমি সেউজ সংকেত দিলেই বহুকেইটা সমষ্টিত উপ–নির্বাচন হ’ব৷ আমিহে আহিবলৈ দিয়া নাই৷ বিৰোধীত বিশেষকৈ কংগ্রেছত এতিয়া কোনো থাকিব নিবিচাৰে৷ ভৱানীপুৰ সমষ্টিৰ উপ–নির্বাচনৰ ফলাফলৰ পাছত জনবিন্যাসৰ কথাও এতিয়া বিৰোধীৰ বিধায়কসকলে নভবা হ’ল৷ সকলোৱে বিজেপিত আহিব বিচাৰে৷ কিন্তু আটাইকে বিজেপিত স্থান দিব পৰা অৱস্থাত নাই৷ বিৰোধীৰ পৰা আমাৰ দললৈ আহিব বিচৰা বিধায়কৰ দীঘলীয়া তালিকা আছে৷ আমিহে নামবোৰ ক’ব খোজা নাই৷ সেইদৰে নৱনির্বাচিত বিজেপি বিধায়ক সুশান্ত বৰগোহাঁয়ে কয় যে কংগ্রেছৰ আভ্যন্তৰীণ অৱস্থা বর্তমান ভাল নহয়৷ কংগ্রেছৰ ভৱিষ্যৎ নির্ধাৰণ কৰিব লাগিব কংগ্রেছ নেতৃত্বই৷ অৱশ্যে অহা ১০–১৫ বছৰলৈ ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হৈ থকালৈকে অসমত কংগ্রেছে মূৰ দাঙি উঠিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে৷
ইফালে, কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনে ইটোৰ পাছত সিটো সমষ্টিৰ উপ–নির্বাচনৰ প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি কয় যে এসময়ত বিজেপিৰ পাঁচজন বিধায়ক আছিল৷ কিন্তু ৰাইজে কংগ্রেছক বেয়া পোৱাৰ বাবে বিজেপিৰ বিধায়কৰ সংখ্যা পাঁচজনৰ পৰা ৬০জনলৈ বৃদ্ধি কৰিলে৷ কংগ্রেছৰ এতিয়াও বিধায়কৰ সংখ্যা ২৭জন৷ ২৭জনৰ পৰা ৬০ কৰিবলৈ ৰাইজক বেছি সময় নালাগে৷ হিমাচল প্রদেশত বিজেপি চৰকাৰৰ চাৰি বছৰ হৈ গ’ল৷ সদ্যসমাপ্ত উপ–নির্বাচনত জনসাধাৰণে ৰাজ্যখনত বিজেপিক অনাস্থা দিছে৷ হিমাচল প্রদেশৰ ভোটাৰসকল উচ্চ বর্ণৰ লোক৷ অসমত বর্তমানৰ বিজেপি চৰকাৰখনৰ ৪–৫ মাহ হৈছে৷ সেয়ে ৰাইজে তেওঁলোকক কিছু সমর্থন দিছে৷ চৰকাৰখনৰ দুই–তিনি বছৰ হোৱাৰ পাছত ৰাইজে অনাস্থা দিব বুলিও তেওঁ আশা প্রকাশ কৰে৷
আনহাতে, বিজেপিত যোগদান কৰিব বুলি চর্চা চলি থকা তিনি কংগ্রেছ বিধায়ক তিতাবৰৰ ভাস্কৰজ্যোতি বৰুৱা, বটদ্রৱাৰ শিৱামণি বৰা আৰু দুধনৈৰ যাদৱ স্বর্গীয়াৰীয়ে বিজেপিত যোগদান নকৰে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ তিতাবৰৰ বিধায়ক বৰুৱাই কয় যে তেওঁৰ কথা বাৰে বাৰে কিয় তেনেদৰে ওলাই আছে, তেওঁ নাজানে৷ তেওঁ ইতিমধ্যে কংগ্রেছ ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিছে৷ সেইদৰে বটদ্রৱাৰ বিধায়িকা বৰাই কয় যে তেওঁৰ জন্ম কংগ্রেছ পৰিয়ালত৷ তেজত কংগ্রেছ আছে৷ কংগ্রেছত থাকিয়েই তেওঁ ৰাইজৰ উন্নয়ন কৰি যাব৷ লাগিলে অহাবাৰ তেওঁ বিধায়কেই নহয়৷ তথাপি কংগ্রেছ ত্যাগ নকৰে৷ একেদৰে দুধনৈৰ বিধায়ক স্বর্গীয়াৰীয়েও কংগ্রেছ বিধায়ক হৈ থাকিব বুলি স্পষ্ট কৰি দিয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon