Weather Data Source: wetter Bangalore 14 tage

July 8, 2025 10:42 am

Home » Regional » Assam » গুৱাহাটীত ভুৱা চাকৰিৰ দালাল চক্র উৎখাত

গুৱাহাটীত ভুৱা চাকৰিৰ দালাল চক্র উৎখাত

স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ প্রলোভনেৰে নিবনুৱা যুৱক–যুৱতীৰ পৰা কোটি কোটি টকা সংগ্রহ কৰি মহানগৰ আৰক্ষীৰ জালত পৰিল প্রৱঞ্চক দম্পতী৷ গুৱাহাটীৰ গড়চুকৰ পশুৰাম হোটেলত বাহৰ পাতি চাকৰিৰ বজাৰ মেলা প্রৱঞ্চক দম্পতীক গড়চুক থানাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছত প্রৱঞ্চক দম্পতীৰ বহু কেলেংকাৰি পোহৰলৈ আহিছে৷ মহানগৰ আৰক্ষীৰ জালত পৰা প্রৱঞ্চক দম্পতী হৈছে লখিমপুৰ জিলাৰ ধলপুৰ কচুৱাৰ ত্রৈলোক্য শইকীয়া আৰু তেওঁৰ পত্নী ৰূপা বৰা শইকীয়া৷ আৰক্ষীয়ে প্রৱঞ্চকদ্বয়ৰ দুই সহযোগী নুনমাটিৰ প্রেম বাছফৰ আৰু বৰপেটাৰ ডিম্পল পাঠককো গ্রেপ্তাৰ কৰে৷ মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তই জানিবলৈ দিয়া মতে, স্বাস্থ্য বিভাগৰ উচ্চবর্গৰ সহায়ক, গাণনিককে ধৰি বিভিন্ন পদত নিযুক্ত দিয়াৰ নামত প্রৱঞ্চক দম্পতীয়ে শতাধিক নিবনুৱা যুৱক–যুৱতীৰ পৰা ২০–৫০ হাজাৰৰ পৰা ২.৫ লাখ টকালৈকে সংগ্রহ কৰিছিল৷

মহানগৰ আৰক্ষীয়ে লাভ কৰা এক গোপন সূত্রৰ পম খেদি শুকুৰবাৰে গড়চুক থানাৰ আৰক্ষীয়ে পুৱাৰে পৰা অসামৰিক পোছাকত হোটেল পৰশুৰামৰ সন্মুখত খাপ পিটি আছিল৷ হোটেলখনৰ চতুর্থ মহলাত প্রৱঞ্চক দম্পতী, চাকৰি বিচাৰি অহা যুৱক–যুৱতী আৰু অভিভাৱকে আলোচনা কৰি থকাৰ সময়তে গড়চুক আৰক্ষীয়ে অভিযান চলায়৷ আৰক্ষীৰ অভিযানত প্রৱঞ্চক দম্পতীৰ পৰা স্বাস্থ্য বিভাগত নিযুক্তিৰ বহু ভুৱা নথি–পত্র জব্দ কৰে৷ ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়াৰ দল উপস্থিত হৈ প্রৱঞ্চক দম্পতীৰ লগতে স্বাস্থ্য বিভাগত নিযুক্তি ল’বলৈ অহা যুৱক–যুৱতী আৰু অভিভাৱকক জেৰা কৰে৷ আৰক্ষীৰ জেৰাত ধৃত দম্পতীয়ে শতাধিক লোকৰ পৰা স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত কোটি টকা সংগ্রহ কৰাৰ তথ্য পোহৰলৈ আহে৷ প্রৱঞ্চক দম্পতীটোৰ লগত স্বাস্থ্য বিভাগৰ কোনো সম্পর্ক নাই বুলিও যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷
সম্প্রতি গড়চুক থানাৰ আৰক্ষীয়ে ধৃত দম্পতী আৰু দুই সহযোগীক গ্রেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি প্রৱঞ্চক ত্রৈলোক্যই স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত অল আছাম হেল্থ ডিপার্টমেণ্ট নিউ জইনিং ছার্ভিচেছ নামৰ এখন কনফাৰেঞ্চ অনুষ্ঠিত কৰিছিল৷ কালিৰে পৰা গড়চুকৰ পৰশুৰাম হোটেলত প্রৱঞ্চক দম্পতীয়ে এই কনফাৰেঞ্চখন অনুষ্ঠিত কৰিছিল৷ আজি এই কনফাৰেঞ্চলৈ ৪০গৰাকী যুৱক–যুৱতী আৰু অভিভাৱক আহিছিল৷ লক্ষণীয় যে চলিত মাহৰ প্রথম সপ্তাহত এই প্রৱঞ্চক দম্পতীয়ে হোটেল পৰশুৰামতে প্রথমখন বৈঠক অনুষ্ঠিত কৰি স্বাস্থ্য বিভাগৰ বিভিন্ন পদত নিযুক্তি দিয়াৰ প্রলোভন দিছিল নিবনুৱা যুৱক–যুৱতী আৰু অভিভাৱকসকলক৷ বিগত সাত মাহ ধৰি স্বাস্থ্য বিভাগত নিযুক্তি দিয়াৰ নামত প্রৱঞ্চক দম্পতীটোৱে ৰাজ্যৰ বিভিন্ন স্থানৰ নিবনুৱা যুৱক–যুৱতীৰ পৰা ধন সংগ্রহ কৰি আহিছিল৷ আৰক্ষীৰ তদন্তত স্বাস্থ্য বিভাগত ভুৱা নিযুক্তি দিয়াৰ নামত প্রৱঞ্চক দম্পতীৰ প্রৱঞ্চনাৰ বলি হোৱা লোকসকলৰ তথ্য পোহৰলৈ আহিব৷ উল্লেখ্য যে ধৃত দম্পতীটোৱে পূর্বতেও চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon