Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 11:22 am

Home » Country & Abroad » National » Hindu as Minority: হিন্দুসকলক সংখ্যালঘুৰ মৰ্যাদা দিয়াৰ বিষয়ে কেন্দ্ৰই ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিব

Hindu as Minority: হিন্দুসকলক সংখ্যালঘুৰ মৰ্যাদা দিয়াৰ বিষয়ে কেন্দ্ৰই ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিব

 

হিন্দুসকলক সংখ্যালঘুৰ মৰ্যাদা দিয়াৰ বিষয়ে
পুনৰ বিবেচনা কৰিব, মোডী চৰকাৰে জনালে উচ্চতম ন্যায়ালয়ক


হিন্দুসকলক সংখ্যালঘুৰ মৰ্যাদা দিয়াৰ বিষয়ে
কেন্দ্ৰই ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিব বুলি উচ্চতম ন্যায়ালয়ক জনায়৷ হিন্দু সম্প্ৰদায়ৰ
লোক তুলনামূলক ভাবে কম থকা ৰাজ্য সমূহৰ লগত কেন্দ্ৰই আলোচনা কৰিব বুলি জানিবলৈ
দিয়ে৷


কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনায় যে ভৱিষ্যতে দেশত অনিচ্ছাকৃত জটিলতা পৰিহাৰ কৰিবলৈ তেওঁলোকে প্ৰাসংগিক বিষয়ত এখন নতুন শপতনামা দাখিল কৰিব। ইয়াৰ পূৰ্বে ২৭ মাৰ্চত কেন্দ্ৰই এই সন্দৰ্ভত এক ৰিট আৱেদনৰ বিৰোধিতা কৰিছিল। শপতনামা অনুসৰি, ছয়টা সম্প্ৰদায় – খ্ৰীষ্টান, শিখ, মুছলমান, বৌদ্ধ, পাৰ্চী আৰু জৈনক ৰাষ্ট্ৰীয় পৰ্যায়ত সংখ্যালঘু হিচাপে মৰ্যাদা দিয়া হয়। অৱশ্যে, য’ত হিন্দু সম্প্ৰদায় কম জনবসতিপূৰ্ণ,
সংশ্লিষ্ট ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত হিন্দুসকলক সংখ্যালঘুৰ মৰ্যাদা দিয়াৰ বিষয়ে সিদ্ধান্ত ল’ব পাৰে চৰকাৰে।
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে হিন্দুসকলক ধৰ্মীয় বা ভাষিক সংখ্যালঘু হিচাপে অৱগত কৰিব পাৰে।

উদাহৰণ
স্বৰূপে, ২০১৬ চনত, মহাৰাষ্ট্ৰ চৰকাৰে ইহুদীসকলক সংখ্যালঘুৰ মৰ্যাদা প্ৰদানকৰাৰ ওপৰত
আলোকপাত কৰিছিল। নতুন শপতনামাত কেন্দ্ৰই কৈছিল যে যদিও সংখ্যালঘু প্ৰকাশৰ বিষয়টো কেন্দ্ৰৰ
হাতত আছে।

ইয়াৰ
পূৰ্বে, বিজেপি নেতা-তথা-অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে উচ্চতম ন্যায়ালয়ত প্ৰতিখন
ৰাজ্যৰ জনসংখ্যাৰ ভিত্তিত ধৰ্মীয় সংখ্যালঘুৰ শ্ৰেণীবিভাজন কৰিবলৈ বিচাৰি এখন শপতনামা
দাখিল কৰিছিল। ৰাষ্ট্ৰীয় সংখ্যালঘু শিক্ষা নুষ্ঠান আয়োগ (এনচিএমইআই) আইন ২০০৪ৰ ধাৰা
২(এফ)ৰ বৈধতাক প্ৰত্যাহ্বান জনাই গোচৰটো দাখিল কৰা হৈছিল। এই ধাৰা অনুসৰি, দেশখনত মুছলমান,
খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চীসকলক সংখ্যালঘুৰ মৰ্যাদা দিয়া হয়। কিন্তু আবেদনকাৰীয়ে
দাবী কৰিছে যে দেশৰ নখন ৰাজ্যত হিন্দুসকলও সংখ্যালঘু।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon