Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 10:11 pm

Home » Regional » Assam » Google Translate: ‘গুগল ট্ৰেন্সলেটৰ’ত অন্তৰ্ভুক্ত হ’ল অসমীয়া ভাষা: অসম সাহিত্য সভাৰ আদৰণি

Google Translate: ‘গুগল ট্ৰেন্সলেটৰ’ত অন্তৰ্ভুক্ত হ’ল অসমীয়া ভাষা: অসম সাহিত্য সভাৰ আদৰণি


গুৱাহাটীঃ অসমীয়া ভাষাই অৱশেষত ইইন্টাৰনেট জগত সভাত স্থান লাভ কৰিলে। ‘গুগল ট্রেন্সলেটৰ’ত অন্তর্ভুক্ত হ’ল অসমীয়া ভাষা। বুধবাৰে নিশা গুগল কর্তৃপক্ষই এই ঘোষণা কৰে। ইয়াৰ লগে লগে গুগলৰ পৰা আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিলে অসমীয়া ভাষাটোৱে। অসমীয়া ভাষাত গুগ্‌লৰ স্বীকৃতি স্বাভাৱিকতেই অসমবাসীৰ বাবে অতি সুখৰ খবৰ। গুগ্‌ল কর্তৃপক্ষই প্ৰকাশ কৰা মতে মিজো আৰু মণিপুৰৰ মেইটেইলনকে ধৰি সাতটা ভাৰতীয় ভাষাৰ সৈতে ‘গুগ্‌ল ট্রেন্সলেট’ অর্থাৎ ‘ গুগ্‌ল অনুবাদ’ত অন্তর্ভুক্ত হৈছে অসমীয়া ভাষা।
গুগলৰ তৰফৰ পৰা প্ৰকাশ কৰা তথ্যমতে উত্তৰ-পূব ভাৰতত ২৫ নিযুত লোকে ইণ্টাৰনেটত অসমীয়া ভাষা ব্যৱহাৰ কৰে। পূৰ্বে অসমৰ মানুহে গুগ্‌লত অসমীয়া ভাষা বিচাৰি পোৱাটো কঠিন আছিল। গুগল অনুবাদত অসমীয়া ভাষাটো অন্তর্ভুক্ত হোৱাৰ লগে লগে ইয়াক ব্যৱহাৰ কৰাটো সহজসাধ্য হৈ পৰিল। উল্লেখ্য যে গুগ্‌ল অনুবাদত অসমীয়া ভাষা অন্তর্ভুক্ত হোৱাটো ইমান সহজো নাছিল। বিগত কেইবাবছৰ ধৰি অসমৰ কেইবাজনো ভাষাপ্রেমী যুৱক-যুৱতী এই কাৰ্যৰ সৈতে অহৰহ জড়িত হৈ আছিল। অৱশেষত দীর্ঘদিনীয়া কষ্ট তথা সংগ্ৰামৰ ফল লাভ কৰিলে উক্ত ভাষাপ্রেমী যুৱক-যুৱতীৰ দলটোৱে।
গুগলত অসমীয়া ভাষাটোক অন্তর্ভুক্ত কৰাৰ বাবে অহৰহ লাগি থকা যুৱক-যুৱতীসকল হৈছে মনজিৎ নাথ, বনজিৎ পাঠক, হিমজ্যোতি তালুকদাৰ, ৰাজীৱ ৰঞ্জন, অঞ্জল বৰা, অজয়লাল দত্ত, গীতাৰ্থ বৰদলৈ, মৃদুল কুমাৰ শৰ্মা, উদ্দীপ তালুকদাৰ, আজিজুল হক, মিতালী নাৰায়ণী, সত্যজিৎ নাথ, পংকজ বৰা, প্রয়াত ৰাজেন বৰুৱা, অংকুৰ বৰা, বিক্রম এম বৰুৱা, পল্লৱ শইকীয়া, ড ° বুলজিৎ বুঢ়াগোহাঁই, নিদর্শনা শ‍ইকীয়া দাস, কিশোৰ বৰ্মন, বিৰাজ কুমাৰ কটকী, কাঞ্চন গগৈ, ৰচিকা শ‍ইকীয়া আদি। তদুপৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰো এই ক্ষেত্ৰত থকা অৱদান বিশেষভাৱে উল্লেখনীয়।
গুগল অনুবাদত অসমীয়া ভাষা অন্তর্ভুক্ত হোৱা সুখবৰ প্ৰচাৰ হোৱাৰ লগে লগে সামাজিক মাধ্যমযোগে বিভিন্নজনে আনন্দ প্রকাশ কৰে। অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়ায়ো ফেচবুকৰ জৰিয়তে তেওঁৰ অভিমত প্ৰকাশ কৰে। সভাপতি শইকীয়াই নিজৰ ফেচবুক একাউণ্টত মন্তব্য কৰে যে— গুগল অনুবাদত কেইজনমান মুষ্টিমেয় অসমপ্ৰেমীৰ চেষ্টাত অতি কমসংখ্যক অসমীয়া শব্দহে সংযোজিত হৈছিল । ২০২০ চনৰ লকডাউনৰ সময়ত ছ’চিয়েল মিডিয়াৰ জৰিয়তে গুগ্‌ল অনুবাদৰ কামত লাগিবলৈ আহ্বান আৰু সেয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাই নতুন বহু শব্দৰ সংযোজন, এই বিষয়ত ২০০ ৰো অধিক নতুন প্ৰজন্মৰ সৈতে কথা-বতৰা, বিভিন্ন কর্মশালাত উপস্থাপন কৰা আৰু প্ৰবাসী অসমীয়াৰ সৈতে কথা পাতোতেও ইয়াক এক লক্ষ্য হিচাপে লৈ কামত আগবঢ়া হৈছিল। এটা কোমল বয়সীয়া ল’ৰা-ছোৱালীৰ দলে নিজাববীয়াকৈ অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম আগবঢ়াইছিল। তেওঁলোকৰ মাজত এক সু – সংহত যোগসূত্র স্থাপনৰ কামত সাহিত্য সভাৰ সভাপতি হিচাপে আমি চেষ্টা চলাইছিলো। ২০২১ চনত আহিল বেটা ভার্ছন। ইয়াৰ লগে লগে এডিটিং কৰি শুদ্ধ শব্দ যোগ দিবলৈ আহ্বান জনালো। পৰৱৰ্তী সময়ত এই আহ্বানৰ প্ৰতি বিভিন্নজনে সঁহাৰি আগবঢ়ায়। আৰু অৱশেষত গুগল কর্তৃপক্ষই অসমীয়া ভাষাটোক আনুষ্ঠানিকভাৱে স্বীকৃতি দি জগতসভাত স্থান দিয়ে। অসমীয়া ভাষা গুগল অনুবাদত অন্তর্ভুক্ত কৰাত এনেদৰেই ফেচবুকযোগে আনন্দ প্রকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon