Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 10:03 am

Home » Regional » Assam » সম্প্ৰসাৰণ হ’ব অসম মন্ত্ৰীসভা

সম্প্ৰসাৰণ হ’ব অসম মন্ত্ৰীসভা

  • বৃদ্ধি পাব টীম হিমন্তৰ মন্ত্ৰীৰ সংখ্যা
  • ৯ জুনত সম্প্ৰসাৰণ হ’ব অসম মন্ত্ৰীসভা
ৰাজ্যত খালী হৈ আছে ৫ টাকৈ মন্ত্ৰী পদ৷ ইয়াৰে এটা অংশহে পূৰণ হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কিন্তু হিমন্ত মন্ত্ৰীসভাৰ তালিকাত কোনে লাভ কৰিব মন্ত্ৰীত্ব সেই লৈ ৰাজ্যৰ ৰাজনীতিত চলি আছে ব্যাপক অংক৷
কাৰ্বি পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভাত পাৰ্বত্য জিলাৰ পৰা অসম মন্ত্ৰী সভাত এজন বিধায়কক মন্ত্ৰীত্ব প্ৰদান কৰা হব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ ঘোষণা কৰাৰ পিছতেই ভিন্ন মহলত চলিছে ব্যাপক চৰ্চা। কাৰ ভাগ্য উদয় হব আৰু কোনে লাভ কৰিব মন্ত্ৰীত্ব, তাকে লৈ দলটোৰ ভিতৰ চৰাতো আৰম্ভ হৈছে গুণা গথা। উল্লেখ্য যে কাৰ্বি আংলংকে ধৰি পাহাৰী জিলাৰ পৰা বিজেপিৰ পাঁচ জনকৈ বিধায়ক নিৰ্বাচিত হৈ আহিছে যদিও এতিয়ালৈ কোনেও লাভ কৰা নাই মন্ত্ৰীত্ব। ৮ জুনত প্ৰকাশ পাব লগা নতুন মন্ত্ৰীসভাৰ তালিকাত অন্তৰ্ভূক্ত হব নেকি হাফলঙৰ বিধায়িকা নন্দিতা গাৰলোছা। উল্লেখ্য যে বিধায়িকা নন্দিতা গাৰলোছাই বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি ইতিমধ্যে দলটোৰ শীৰ্ষ মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
বৰ্তমানৰ মন্ত্ৰী সভাত অজন্তা নেওগৰ বাদে মহিলাৰ পৰা দ্বিতীয় মন্ত্ৰী নথকাত নন্দিতা গাৰলোচাৰ মন্ত্ৰীত্ব লাভ কৰাৰ পথ প্ৰসস্ত হৈ পৰিছে যদিও পাৰ্বত্য জিলাৰ পৰা নিৰ্বাচিত হোৱা সৰ্বমুঠ ৫ জন বিধায়কৰ ভিতৰত বোকাজানৰ বিধায়ক তথা অসম বিধানসভাৰ চৰ্চাত আছে উপাধক্ষ্য ডাঃ নোমল মোমিনৰ নাম চৰ্চাত আছে।
ইফালে নৱ গঠিত বিটিআৰৰ পৰা এজন বিধায়কে মন্ত্ৰীত্ব লাভ কৰিব বুলি দাবী কৰিছে ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো৷ বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী তথা ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰিয়ে মন্ত্ৰীত্ব লাভ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ২০২০ চনত সাক্ষৰিত বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা প্ৰাক্তন এনডিএফবি নেতা গোবিন্দ বসুমতাৰিক মন্ত্ৰীত্ব প্ৰদান কৰাৰ বাবে পূৰ্বেও দাবী উত্থাপিত হৈছিল। তাৰ সমান্তৰালকৈ বিটিআৰ চুক্তিৰ আন এজন স্বাক্ষৰকাৰী, এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা কোকৰাঝাৰ (পূৱ) সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰিৰ নামো চৰ্চাত থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বিপিএফৰ প্ৰমিলাৰাণী ব্ৰহ্মই উক্ত সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি ইতিপূৰ্বে মন্ত্ৰীত্ব লাভ কৰিছিল আৰু ৰাজ্যৰ কৃষি, বন বিভাগকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছিল।
একেদৰে চৰ্চাত আছে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নাম৷ নলবাৰী জিলাৰ পৰা ইতিমধ্যে চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্ত্ৰীত্ব লাভ কৰাৰ ফলত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই মন্ত্ৰীত্ব পাব নে নাই সেয়া এতিয়াও স্পষ্ট নহয়৷
অন্যহাতে বিপিএফ আৰু ইউপিপিএল দুয়োটা দলকে লগত ৰাখিবলৈ ৰাজনৈতিক চানক্য হিমন্ত বিশ্ব শৰ্মাই নতুন কৌশল অৱলম্বন কৰি মন্ত্ৰীসভাত বিপিএফৰ এগৰাকী বিধায়কক স্থান দিব পাৰে বুলিও আন এক মহলত চৰ্চা হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon