ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত সত্যপুৰ বতৰদলত চাপৰ আৰক্ষী আৰু আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে চলায় যৌথ অভিযান। অভিযানত কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰাৰ লগতে বুজন পৰিমাণৰ চুলাই মদ থিতাতে নষ্ট কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু আবকাৰী বিভাগে। চাপৰ আৰক্ষী থানাৰ এছ আই দিজেন্দ্ৰ মেধীয়ে গাঁওৰ মুৰব্বী সকলক এই সন্দৰ্ভত এখন গাঁও সজাগতা সভা পাতি গাঁওখনৰ পৰিবেশ সুন্দৰ কৰি তুলিবলৈ আহ্বান জনায়।