Weather Data Source: wetter Bangalore 14 tage

July 9, 2025 11:57 pm

Home » Regional » Assam » গৰাখহনীয়াৰ কালৰূপৰ কবলত চাপৰৰ জালিকুৰ গাঁও

গৰাখহনীয়াৰ কালৰূপৰ কবলত চাপৰৰ জালিকুৰ গাঁও

প্ৰবল বৃষ্টিপাতৰ ফলত ভয়ংকৰ ৰূপ লৈছে 
চম্পাৱতী নৈৰ গৰাখহনীয়া।

বিগত কেবাদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে ধুবুৰী জিলাৰ চাপৰৰ বিভিন্ন স্থানত। সমান্তৰালকৈ জিলাখনৰ চাপৰৰ জালিকুৰা গাঁৱত গৰাখহনীয়াই লৈছে কালৰূপ। ইতিমধ্যে খহনীয়াৰ ফলত শ শ বিঘা কৃষি ভূমিৰ লগতে বহু কেইটা পৰিয়ালৰ ঘৰ নৈত জাহ গৈছে। শেহতীয়াকৈ প্ৰবল বৃষ্টপাতৰ ফলত চম্পাৱতী নৈৰ খহনীয়া বৃদ্ধি হৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দীৰ্ঘদিন ধৰি সমস্যাৰে ভাৰাক্ৰান্ত জালিকুৰা গাঁৱবাসীয়ে বিনিদ্ৰ ৰজনি কটাব লগা হৈছে। চৰকাৰ প্ৰশাসনে এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে৷ ৰাইজে নিজাববীয়াকৈ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ চেষ্টা চলাই সুফল পোৱা নাই। এই ক্ষেত্ৰত শীঘ্ৰে চৰকাৰক গৰখহনীয়া ৰোধ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।
ইফালে উক্ত গৰাখহনীয়া চলি থকা স্থানত চাপৰ ৰাজহ চক্ৰ বিষয়া কবিতা ডেকা উপস্থিত হৈ ক্ষতিগ্ৰস্থ অঞ্চল পৰিদৰ্শন কৰে৷ চক্ৰ বিষয়া গৰাকীয়ে তৎকালীন ভাবে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে জলসিঞ্চন বিভাগক অৱগত কৰিব বুলি জানিব দিয়ে।
চাপৰৰ পৰা দিলৰুবা আখতাৰাৰ ৰিপ’ৰ্ট।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon