Weather Data Source: wetter Bangalore 14 tage

July 8, 2025 10:26 am

Home » Regional » Assam » আজিৰে পৰা গুৱাহাটীত দুদিনীয়াকৈ আৰম্ভ অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ- ২০২২

আজিৰে পৰা গুৱাহাটীত দুদিনীয়াকৈ আৰম্ভ অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ- ২০২২

গুৱাহাটীঃ অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীৰ খানাপাৰাস্থিত গণেশ মন্দিৰ ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে কেডেট জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ ২০২২। ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ ১২০০ ৰো অধিক খেলুৱৈ আৰু ৮০ ৰো অধিক টেকনিকেল অফিচিয়েলৰ অংশগ্ৰহণে কৰিছে এই প্ৰতিযোগিতাখনত। বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক কাৰাটে সন্থাৰ সভাপতি তথা কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, অসম মন্ত্ৰীসভাৰ সদস্য যোগেন মহন, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি কল্যাণ গগৈ , অসম ৰাজ্যিক কাৰাটে সন্থাৰ উপ-সভাপতি তথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰি, ৰঞ্জন কাকতি, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ভৱজ্যোতি গোস্বামী, অসম সাঁতোৰৰ গ্লেমাৰ বয় হিচাপে খ্যাত এলভিছ আলী হাজৰিকা, বিশিষ্ট সাংবাদিক বিপুল বৰ্মনকে ধৰি ক্ৰীড়াৰ লগত জড়িত কেইবাজনো বিশিষ্ট ব্যক্তি। অনুষ্ঠানৰ আৰম্ভণিতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক অসম ৰাজ্যিক কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে একোখনকৈ ফুলাম গামোচা, জাপি, স্মাৰকৰে আদৰণি জনোৱা হয়। আনহাতে অতি শেহতীয়াকৈ নৰ্থ চেনেল সাঁতোৰি পাৰ হৈ ইতিহাস সৃষ্টি কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাঁতোৰবিদ এলভিছ আলী হাজৰিকাক এই অনুষ্ঠানতে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ পিছতে যোৱা ৩০ ছেপ্টেম্বৰত এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা শিৱসাগৰৰ প্ৰতিভাৱান কাৰাটে খেলুৱৈ শিৰোমণি কোঁৱৰৰ মৃত্যুত অসম ৰাজ্যিক কাৰাটে সন্থাই গভীৰ শোক প্ৰকাশ কৰি এক মিনিটৰ বাবে মৌন প্ৰাৰ্থনাৰে আত্মাৰ সদগতি কামনা কৰে।
অনুষ্ঠানত উপস্থিত থকা অসম ৰাজ্যিক কাৰাটে সন্থাৰ সভাপতি দিগন্ত কলিতাই নিজৰ উদ্বোধনী ভাষণত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ নিজৰ ভাষণ কয় যে, আজি এটা আনন্দৰ দিন। বহু দিনৰ পৰা অসমৰ কাৰাটে সন্থা কেইবাটাও ভাগত বিভক্ত হৈ আছিল। এই বহুধাবিভক্ত সন্থাক সকলোৰে প্ৰচেষ্টাত আৰু অসম অলিম্পিক সন্থাৰ সহযোগত একত্ৰিত কৰা হৈছে। বহু কষ্টৰ বিনিময়ত অসম ৰাজ্যিক কাৰাটে সন্থাই আজিৰ ৰূপ লাভ কৰিছে। কাৰাটে খেলত ল’ৰা আৰু ছোৱালী সকলোৱে অংশগ্ৰহণ কৰে। কাৰাটে খেলে আত্মৰক্ষাৰ শিক্ষা দিয়ে। ছোৱালীসকলে আত্মৰক্ষাৰ বাবে এই খেল খেলাটো অতি প্ৰয়োজন। প্ৰতিযোগিতাখনৰ উদ্যোক্তাসকলে প্ৰতিযোগিতাখন সুন্দৰকৈ অনুষ্ঠিত কৰিছে। সকলোৰে সহযোগত এই প্ৰতিযোগিতাখন সফলতাৰে সম্পন্ন হৈ যাব। ইয়াৰ পৰাই নৰ্থইষ্ট প্ৰতিযোগিতাৰ বাবে অসম দলটো নিৰ্বাচিত কৰা হ’ব। তাৰ পিছত ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হ’ব। সকলোৰে সহযোগত আগন্তুক সময়ত বিশ্বত অসমক প্ৰতিনিধিত্ব কৰিব পৰাকৈ অসমক গৌৰৱাম্বিত কৰিব পৰাকৈ খেলুৱৈ আমি বিচাৰি ওলিয়াব পাৰিম বুলি আশাবাদী।
অনুষ্ঠানত উপস্থিত থকা ৰাজহ মন্ত্ৰী যোগেন মহনে নিজৰ ভাষণৰ আৰম্ভণিতে খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, অসমত এতিয়া খেলুৱৈৰ প্ৰতিভা বিকাশ হৈছে। অসমৰ প্ৰতিখন জিলাৰ পৰা বহু প্ৰতিভাৱান খলুৱৈ ওলাই আহিছে। ভাৰতৰ বিভিন্ন ৰাজ্যত, বিদেশলৈ গৈ এই খেলুৱৈসকলে খেলাৰ সুযোগ লাভ কৰিছে। অসম যে, খেলৰ ক্ষেত্ৰত অধিক আগবাঢ়ি গৈছে তাক এই কথাই প্ৰমাণ কৰে।
ইয়াৰ উপৰিও তেওঁ কয়, খেলে সমাজ গঢ়ে, জাতি গঢ়ে। খেলৰ জৰিয়তে সংস্থাপিত হ’ব পাৰি। খেলৰ জৰিয়তেই জাতিটোক গৌৰৱান্বিত কৰিব পাৰি। এখন ৰাজ্যৰ উন্নতিত খেলে বহু অৱদান আগবঢ়াই। খেল শিক্ষাৰো এটা অংগ। মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰে খেলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি কয় যে, ৰাজ্য চৰাকৰে ৰাজ্যৰ বিভিন্ন জিলাত, বিভিন্ন স্থানত ষ্টেডিয়াম নিৰ্মাণ কৰিছে। আমি আৰু অধিক খেলক গুৰুত্ব দিব লাগিব ।
অনুষ্ঠানৰ আৰম্ভণিতে এটি বিহু নৃত্যও প্ৰদৰ্শন কৰা হয় আৰু জনপ্ৰিয় সংগীত শিল্পী ৰূপালী কাশ্যপৰ সংগীত অনুষ্ঠানেৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি মৰা হয়। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব ৭ অক্টোবৰ ২০২২, শুকুৰবাৰে সন্ধিয়া ৬ বজাত।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon