Weather Data Source: wetter Bangalore 14 tage

July 10, 2025 12:50 am

Home » Regional » Assam » President Draupadi Murmu visited Assam || দুদিনীয়া অসম ভ্ৰমণসূচী সমাপ্ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

President Draupadi Murmu visited Assam || দুদিনীয়া অসম ভ্ৰমণসূচী সমাপ্ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হৈছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। বৃহস্পতিবাৰৰ পৰা কেবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে৷
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে শুকুৰবাৰে পুৱা নিলাচল পাহাৰত থকা কামাখ্যা মন্দিৰ দৰ্শন কৰে৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে কামাখ্যা মন্দিৰত উপস্থিত হৈ মা কামাখ্যাৰ আসীষ লয়।
তাৰ পিছতেই ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ পৰাই ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেলী কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, ৰে’ল মন্ত্ৰালয় আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ ৯ টা প্ৰকল্পৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে কয় যে, অসম এদিন উন্নত ৰাজ্যলৈ উন্নীত হ’ব। এটা সময় নিশ্চয় আহিব যেতিয়া উন্নত ৰাজ্য হিচাপে দেশ তথা বিশ্বই অসমৰ উদাহৰণ ল’ব।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰে’ল বিভাগে নিৰ্মাণ কৰিবলীয়া আগিয়াঠুৰীত মডাৰ্ন কাৰ্গো-কাম-কোচিং টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে। লগতে চাহ বাগিচা অঞ্চলত ১০০ খন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে। ৩০০০ খন মডেল অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলাও স্থাপন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেলী চাৰিলেনযুক্ত গহপুৰ-হোলেংগী পথ আৰু দুইলেনযুক্ত শিলচৰ-বদৰপুৰ পথো মুকলি কৰে। তদুপৰি তেওঁ ডিব্ৰুগড়-লিডু ৰোড (পেকেজ এক আৰু দুই)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শিলচৰত পেট্ৰ’ল মজুত কৰা ভাণ্ডাৰ, নাগালেণ্ডৰ চৌখভিৰ পৰা মেঘালয়ৰ মেন্দী পথাৰলৈকে চলিবলগীয়া এখন ৰে’লৰো শুভ আৰম্ভণি কৰে। সভাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শ্ৰীমন্ত শকংৰদেৱৰ মহান অৱদানৰ কথা সুৱৰি কয় যে, অসমৰ উন্নয়নে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক বিকাশৰ ইঞ্জিন হ’ব পাৰে।
এই অনুষ্ঠানতে ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্যৰ চাহ বাগিচাত বিদ্যালয় নিৰ্মাণৰ বাবে ২৩৪ কোটি টকা খৰচ কৰিছে। তেওঁ কয়, BJP চৰকাৰৰ সময়ত ৰাজ্যৰ চাহ বাগিচাত ৯৭ খন হাইস্কুল নিৰ্মাণ কৰা হৈছে। আকৌ ২২ খন নতুন হাইস্কুল নিৰ্মাণৰ কাম চলি আছে। অহা ২০২৬ চনৰ ভিতৰত ৰাজ্যৰ ১৫ খন চাহ বাগিচাৰ মাজত এখনকৈ কলেজ নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, অনাগত দিনত অসমত নতুন ৭০০০ টা অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হ’ব। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল জগদীশ মুখীয়ে কয়, আজিৰ দিনটো অসমৰ বাবে এক ঐতিহাসিক দিন। এই দিনটো অসমবাসীয়ে সদায় মনত ৰাখিব।
অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰ’লিয়াম ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়া আৰু মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ লগতে আন একাধিক গণ্যমান্য ব্যক্তি উপস্থিত আছিল।
অনুষ্ঠানৰ পিছতে দুদিনীয়া অসম ভ্ৰমণসূচী সমাপ্ত কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিয়লি বিশেষ বিমানেৰে দিল্লীলৈ উভতি যায়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon