Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 1:20 pm

Home » Literature » Poem » বিগলিত সময় || Kangkana Sarma

বিগলিত সময় || Kangkana Sarma


 ✍ কংকণা শৰ্মা (কুইন), গুৱাহাটী

শেলুৱৈ ধৰা চোতালখনত
চেঙালুটি মাৰি ক্ৰমশঃ
প্ৰত্যুষে বাগৰ সলায়;

বেলিফুলৰ ৰূপকথাত মুখৰ হোৱা
ৰোমাঞ্চ ভৰা দুপৰীয়াটো
গোমা আবেলি এটাত নীৰৱে হেৰায়।

বুকুৰ উৰ্মিল বেদনাবোৰ
হুমুনিয়াহৰ সতে’ চিটিকি পৰে
হায়, জীৱনৰ নেপথ্যত সুখৰ বিন্যাস!

বিষাদৰ কালাভ্ৰ মেঘে
ধূসৰ কৰি তোলে দেখোন
দুচকুত উম দি ৰখা যত স্বপ্নবিলাস।

কাণিমুনি সন্ধ্যাৰ চকাছন্দাত
কপালৰ বলিৰেখাত জিলিকে
বিগলিত সময়ৰ বৰ্ণিল ইতিহাস;

অৱৰুদ্ধ কণ্ঠেৰে বগাই আহে
এটি জীৱনমুখী ৰাগ
শেষ প্ৰহৰত স্পন্দিত হয় মুমূৰ্ষু উশাহ।

প্ৰিয় পাঠক-পাঠিকা, লেখক-লেখিকাবৃন্দ। এই লেখাটো পঢ়ি কেনে পালে তলৰ Comment Boxত নিজৰ মন্তব্য প্ৰদান কৰিবলৈ নাপাহৰিব। আপুনিও আমাৰ এই মুক্তকণ্ঠ শিতানত প্ৰেৰণ কৰিব পাৰে আপোনাৰ মূল্যৱান লেখনি-অনুভৱ। আমি সংবাদ প্ৰহৰীয়ে প্ৰকাশ কৰিম আপোনাৰ লেখনি-অনুভৱ। লেখনি-অনুভৱ আপোনাৰ, প্ৰকাশ কৰাৰ মঞ্চ আমাৰ।

সংবাদ প্ৰহৰীৰ সৈতে সংযুক্ত হৈ থাকিবলৈ Like, Follow আৰু Subscribe কৰক-

👉 Follow us on Website- https://english.sangbadprahari.com
👉 Subscribe on YouTube- https://www.youtube.com/sangbadpraharitv
👉 Like & Follow us on Facebook- https://www.facebook.com/sangbadprahari
👉 Follow us on Twitter- https://twitter.com/sangbadprahari
👉 Follow us on Linkedin- https://www.linkedin.com/in/sangbadprahari


E-mail- sangbadprahari@gmail.com
Mobile- +91 7578801008

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon