Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 10:28 pm

Home » Editorial » অভিশপ্ত নেলী, স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত এক ক’লা অধ্যায়

অভিশপ্ত নেলী, স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত এক ক’লা অধ্যায়

শংকৰ-আজানৰ ভাতৃত্ববোধৰ মাটি হিচাপে পৰিচিত অসমৰ ইতিহাসৰ এটা মচিব নোৱাৰা ক’লা দাগ হৈ জিলিকি আছে নেলীৰ গণহত্যা। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত সংঘটিত নেলীৰ সেই গণহত্যাই আজি ৪০ টা বসন্ত পাৰ কৰিলে। কোনো এগৰাকী ভূক্তভোগী লাভ নকৰিলে ন্যায়। এই ৪০ টা বছৰে অসমৰ ৰাজনৈতিক শাসনত কুৰি গৰাকীতকৈ অধিক মুছলমান জনপ্ৰতিনিধিয়ে সাংসদ হিচাপে আৰু আঢ়ৈ শতাধিক জনপ্ৰতিনিধিয়ে মন্ত্ৰী-বিধায়কৰ সোৱাদ ললে। কিন্তু এইসকল অকৰ্মণ্য, অদক্ষ, স্বাৰ্থন্বেষী মুছলমান জনপ্ৰতিনিধিয়ে নেলীৰ হত্যাকাণ্ডৰ সুবিচাৰ নাইবা ন্যায় প্ৰদানৰ ক্ষেত্ৰত কাৰ্যতঃ কিবা কৰিলেনে।
১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোত নগাঁও জিলাৰ নেলীত মুছলমানৰ বিৰুদ্ধে চলিছিল নিদাৰুণ হত্যালীলা। মানৱতাক নিৰ্মমভাৱে পদাঘাত কৰা এই ঘটনাৰ ভয়ংকৰ স্মৃতি আজিও সময়ে মচিব পৰা নাই। উগ্ৰ জাতীয়বাদী সকলৰ ছবছৰীয়া অসম আন্দোলনৰ এক পাৰ্শ্ব প্ৰতিক্ৰিয়া হিচাপেই এই ঘটনাক চিহ্নিত কৰিছে বিভিন্নজনে। আছুৰ নেতৃত্বত আৰম্ভ হোৱা বহিৰাগত বহিস্কাৰ আন্দোলনটো ৰূপান্তৰ হৈ তথাকথিত বিদেশী খেদা আন্দোলনৰ পৃষ্ঠভূমিত নেলীৰ দৰে হত্যালীলা অসমৰ দৰে এখন ঠাইৰ বাবে আছিল এটা অকল্পনীয় কথা। কিন্তু নেলীৰ গণহত্যা অসমৰ ইতিহাসৰ এখন ৰক্তৰঞ্জিত ক’লা অধ্যায় হৈ ৰৈ গ’ল।
১৮ ফেব্ৰুৱাৰী শুকুৰবাৰে ৰাতিৰ অন্ধকাৰত ছঘণ্টা জুৰি চলা এই হত্যাযজ্ঞত ২,১৯১ জন লোকৰ প্ৰাণ হানি হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে যদিও বেচৰকাৰী সূত্ৰ অনুসৰি মৃত লোকৰ সংখ্যা আছিল দহ সহস্ৰাধিক। এই নিকৃষ্ট ঘটনাত আক্ৰান্ত ১৪ খন গাঁও আছিল ক্ৰমে আলিসিং, খোলাপথাৰ, বসুন্ধাৰী, বুগডুবা বিল, বুগডুবা হাবি, বৰজলা, বুতুনী, ইন্দুৰমাৰী, মাটিপৰ্বত, মুলাধাৰী, শিলভেটা, বৰবুৰী আৰু নেলী। উক্ত অঞ্চলটোৰ বাসিন্দা সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ষড়যন্ত্ৰমূলকভাৱে বিদেশী আখ্যা দি হত্যা কৰা হৈছিল বুলি বিভিন্ন মহলত অভিযোগ উত্থাপন হৈ আহিছে।
উল্লেখ্য যে ১৯৮৩ চনত অসম আন্দোলনৰ মাজতে অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ সময়তে অসমৰ ঠায়ে ঠায়ে হিংসাত্মক ঘটনা সংঘটিত হৈছিল। নেলীৰ হত্যাকাণ্ড তেনে বিক্ষিপ্ত ঘটনাবোৰৰে বিষম পৰিণতি আছিল বুলি ধাৰণা কৰা হয়। অসম আন্দোলনৰ নেতাসকলে তথাকথিত অবৈধ অনুপ্ৰবেশকাৰীৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই নিদিয়া পৰ্যন্ত নিৰ্বাচন স্থগিত ৰাখিবলৈ চৰকাৰক অনুৰোধ জনাইছিল। কিন্তু চৰকাৰে নিৰ্বাচন পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত ৰাজ্যজুৰি ব্যাপক গণ-আন্দোলনৰ সূত্ৰপাত ঘটে। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত এই নিৰ্বাচনৰ ফলাফলক বাতিল কৰি নতুন নিৰ্বাচন অনুষ্ঠিত হয়।
নেলী গণহত্যাৰ বলি হোৱা দুৰ্ভগীয়া লোকসকলৰ ন্যায়ৰ প্ৰসংগও আজিও এক সাথঁৰ হৈ ৰোৱাটো তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। অতিকৈ দুৰ্ভাগ্যজনক কথা হল যি সময়ত আনোৱাৰা টাইমুৰ, আব্দুল মুহিব মজুমদাৰ, ইদ্ৰিছ আলী, ইব্ৰাহীম আলী আদিৰ দৰে বাঘা বাঘা জনপ্ৰতিনিধিয়ে গুৰুত্বপূৰ্ণ মন্ত্ৰী পদত অধিষ্ঠিত আছিল। তাৰ পিছতো নেলীৰ হত্যাকাণ্ডত নিহত লোকৰ পৰিয়ালক ন্যায় প্ৰদান বা পুনৰ সংস্থাপম দিয়াটো দূৰৈৰ কথা, এককালীন সাহায্য হিচাপে মাত্ৰ ৫,০০০ টকা আৰু এবাণ্ডিল টিনপাত প্ৰদান কৰিয়েই চৰকাৰে নিজৰ দায়িত্ব সামৰে। ইপিনে উক্ত গণহত্যাত নিহত হোৱা ৮৫৫ গৰাকী লোকৰ তালিকা প্ৰকাশ কৰি সেইসকলক জাতীয় শ্বহীদ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আছুৱে সক্ষম হল আৰু সেইসকলকৰ পৰিয়ালক চৰকাৰী সমূলি সুবিধা প্ৰদান কৰোৱাত আছু সফল হল। তাৰ বিপৰীতে নেলীৰ এই ঘটনাৰ প্ৰতি শোক প্ৰকাশ কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ লগতে অন্যান্য দল-সংগঠনে ১৮ ফেব্ৰুৱাৰীৰ দিনটো কলা দিৱস হিচাপে পালন কৰি ভূক্তভোগীসকলক ন্যায় প্ৰদানৰ বাবে চৰকাৰক কেৱল দাবী জনায় আহিছে। কিন্তু উক্ত গণহত্যাত নিহত হোৱা দুৰ্ভগীয়া লোকসকলৰ এটা তথ্যভিত্তিক তালিকা প্ৰস্তুত কৰাৰো প্ৰয়োজনবোধ কৰা পৰিলক্ষিত নহল। অৱশ্যে যি আমছু নামৰ ছাত্ৰ সংগঠনৰ পৰাই বহু কেইগৰাকী বাঘা বাঘা নেতা জনপ্ৰতিনিধি হিচাপে সাংসদ-মন্ত্ৰী-বিধায়কৰ সোৱাদ লাভ কৰে। ১৯৮৩ চনৰ পাছৰ পৰা আজিলৈকে এই ৪০ টা বছৰে অসমৰ ৰাজনৈতিক শাসনত কুৰি গৰাকীতকৈ অধিক মুছলমান জনপ্ৰতিনিধিয়ে সাংসদ হিচাপে আৰু আঢ়ৈ শতাধিক জনপ্ৰতিনিধিয়ে মন্ত্ৰী-বিধায়কৰ সোৱাদ ললে। নেলীৰ হত্যাকাণ্ডৰ সুবিচাৰ নাইবা ন্যায় প্ৰদানৰ দাবী সযোৰে বিধানসভা নাইবা সংসদত উত্থাপন কৰাৰ দূৰৈৰ কথা, নেলীৰ এই ঘটনাৰ তদন্ত কৰিবলৈ ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধীনত গঠন কৰা তিৱাৰী কমিচনে ১৯৮৫ চনত অসম চৰকাৰক দাখিল কৰা ৬০০ পৃষ্ঠাজোৰা প্ৰতিবেদন ৰাজহুৱা কৰাৰ ক্ষেত্ৰত মাত এষাৰ দিবলৈ সত সাহস গোটাব নোৱাৰিলে এইসকল অকৰ্মণ্য, অদক্ষ, স্বাৰ্থন্বেষী মুছলমান জনপ্ৰতিনিধিয়ে। উল্লেখ্য যে নেলীৰ এই ঘটনাৰ তদন্ত কৰিবলৈ ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধীনত গঠন কৰা তিৱাৰী কমিচনে ১৯৮৫ চনত অসম চৰকাৰক ৬০০ পৃষ্ঠাজোৰা এক প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন তদানীন্তন কংগ্ৰেছ চৰকাৰে এই প্ৰতিবেদন ৰহস্যজনক ভাৱে ৰাজহুৱা নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
হত্যাকাণ্ডৰ পিছত ৬৮৮টা অপৰাধী গোচৰ ৰুজু কৰা হৈছিল তাৰে মাত্ৰ ৩১০ জনকহে চাৰ্জশ্বীট দিয়া হয়। বাকী ৩৭৮ টা গোচৰ প্ৰমাণ নোহোৱাৰ দোহাই দি বন্ধ কৰা হয়। চাৰ্জশ্বীট দিয়া ৩১০ টা গোচৰো অসম চুক্তিমতে ১৯৮৫ চনত গঠিত অসম গণ পৰিষদ চৰকাৰে বাতিল কৰে। নেলীৰ হত্যাকাণ্ডৰ লগত জড়িত কোনো লোককে সেইবাবে আজিও চিহ্নিত কৰা হোৱা নাই আৰু আজিলৈকে কাৰো বিৰুদ্ধে বিচাৰ হোৱা নাই। অসমৰ ইতিহাসৰ এটা ভয়ংকৰ গণহত্যাৰ ঘটনাৰ ক্ষেত্ৰত এয়াও এক চৰম পৰিহাস হিচাপেই চিহ্নিত হৈ ৰৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon