Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 6:07 pm

Home » Editorial » কেতিয়া গ্ৰেপ্তাৰ হব আজমল, শিলাদিত্য, সত্যৰঞ্জন

কেতিয়া গ্ৰেপ্তাৰ হব আজমল, শিলাদিত্য, সত্যৰঞ্জন

কংগ্ৰেছী বিধায়ক আফতাব উদ্দিন মোল্লাৰ গ্ৰেপ্তাৰক লৈ ৰাজনৈতিক মহলত সৃষ্টি হৈছে জোকাৰণি। যদি বিধায়ক আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ কৰিব পাৰিছে তেন্তে বদৰুদ্দিন আজমল, শিলাদিত্য দেৱ, সত্যৰঞ্জন বৰা, ৰমাকান্ত দেউৰীক গ্ৰেপ্তাৰ নকৰাক লৈয়ো উত্থাপিত হৈছে একাধিক প্ৰশ্ন।
সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক আফতাব উদ্দিন মোল্লা। পূজাৰী আৰু নামঘৰীয়া সন্দৰ্ভত বিতর্কিত মন্তব্য কৰা কংগ্ৰেছী বিধায়কক দিছপুৰৰ চৰকাৰী আৱাসৰ পৰাই গ্ৰেপ্তাৰ কৰি কামৰূপ জিলা মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়। আৰক্ষীয়ে পাঁচদিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে এদিনৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লাই এখন ৰাজহুৱা সভাত যোৱা কিছুদিন পূৰ্বে পূজাৰী আৰু নামঘৰীয়া সন্দৰ্ভত কেতবোৰ বিতৰ্কিত মন্তব্য আগবঢ়াইছিল। 
কংগ্ৰেছী বিধায়কগৰাকীৰ এনেধৰণৰ বিতৰ্কিত মন্তব্যক লৈ বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠিছিল। কে’বাটাও স্থানৰ লগতে দিছপুৰ থানাতো বিধায়কজনৰ বিৰুদ্ধে ভেটাপাৰাৰ দীপক কুমাৰ দাস নামৰ লোকজনে দাখিল কৰিছিল এখন এজাহাৰ। বিধায়ক আফতাব উদ্দিনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিত্তিতেই দিছপুৰ আৰক্ষীয়ে দিছপুৰৰ বিধায়ক আৱাসৰ এফ ব্লকত থকা দক্ষিণ শালমাৰাৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিধায়ক আৱাসৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আফতাব উদ্দিন মোল্লাক। মন কৰিবলগীয়া যে নিশাৰ ভাগতেই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়কজনক গ্রেপ্তাৰৰ বাবে অনুমতি প্ৰদান কৰে। আৰক্ষীৰ দলটোৱে জেৰাৰ অন্তত মোল্লাক গ্ৰেপ্তাৰ কৰে৷ দিছপুৰ আৰক্ষীয়ে মোল্লাক গ্ৰেপ্তাৰৰ পিছতেই কাহিলিপাৰাৰ এছ বিত নিশাৰ ভাগত মাৰাথন জেৰা চলোৱা হয়৷ এই সন্দৰ্ভত গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সাংবাদিকৰ আগত জানিবলৈ দি কয় যে বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ ৰুজু হৈছিল৷ এজাহাৰত উল্লেখ কৰা হৈছিল যে এনে এজন ব্যক্তিয়ে উচটনিমূলক বক্তব্য আগবঢ়াইছে। সমাজত এক অশান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। 
আৰক্ষীয়ে সমস্ত ঘটনাটো পৰীক্ষা-নিৰীক্ষা কৰে আৰু সোধা-পোছাৰ অন্তত বিধায়কজনক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষী আয়ুক্তগৰাকীয়ে আৰু কয় যে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে এক নির্দেশনাত উল্লেখ কৰিছে যে সাম্প্ৰদায়িক বা উচটনিমূলক বক্তব্য দিলে কোনোবাই এজাহাৰ দাখিল নকৰিলেও আৰক্ষীয়ে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব৷ মন কৰিবলগীয়া যে জলেশ্বৰৰ কংগ্ৰেছী বিধায়কজন গ্ৰেপ্তাৰ হোৱাৰ পিছতেই এতিয়া ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি হৈছে। এটা গোচৰৰ ভিত্তিত কংগ্ৰেছী বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হ’ল। কিন্তু সঘনাই সাম্প্রদায়িক মন্তব্য আগবঢ়াই বিতৰ্কৰ সূচনা কৰি থকা এ আই ইউ ডি এফ প্রধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ৩৫টাকৈ গোচৰ ৰুজু হোৱাৰ পিছতো ৰহস্যজনকভাৱে আজিও গ্ৰেপ্তাৰ হোৱা নাই। 
আজমলৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখন কিয় নৰম স্থিতি গ্ৰহণ কৰিছে সেই লৈ এতিয়া ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে। এটাৰ পিছত এটাকৈ সাম্প্রদায়িক মন্তব্য কৰি সমাজত বিষবাষ্প বিয়পোৱা বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰিবলৈ কিয় ৰাজ্যৰ গৃহ বিভাগে সাহস গোটাব নোৱাৰে, সেই লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। কেৱল এয়াই নহয়, বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, বিধায়ক ৰমাকান্ত দেউৰী, হিন্দুত্ববাদী সত্যৰঞ্জন বৰাই বাৰম্বাৰ সাম্প্ৰদায়িক মন্তব্য কৰি সমাজত বিষবাষ্প বিয়পাইছে। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বহু গোচৰ ৰুজু হৈছে এইসকলৰ বিৰুদ্ধে। কিন্তু ৰহস্যজনকভাৱে অসম আৰক্ষীয়ে এইসকল বিজেপি নেতা বা হিন্দুত্ববাদী নেতাক গ্ৰেপ্তাৰ কৰিবলৈ সাহস গোটাব পৰা নাই। মূলতঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া সাম্প্রদায়িক মেৰুবিভাজনৰ ৰাজনীতি চলিছে। কেতিয়াবা যদি আজমলে ৰাজহুৱা সভাত সাম্প্ৰদায়িক মন্তব্য কৰিছে, আনফালে বিজেপি নেতাই আৰু অতি সাম্প্ৰদায়িক মন্তব্য কৰি সমাজত ধৰ্মীয় মেৰুকৰণৰ বীজ সিঁচাত ইন্ধন যোগাইছে। 
আজমলে যিমানেই সাম্প্রদায়িক মন্তব্য কৰিব, সিমানেই অসমত মেৰুবিভাজন ঘটিব। এই মেৰুবিভাজনৰ ফলত কোনটো বিশেষ ৰাজনৈতিক দলে আগন্তুক নিৰ্বাচনত লাভান্বিত হ’ব সেয়া সকলোৱে অৱগত। একপ্ৰকাৰ আজমলক ঢাল হিচাপে ব্যৱহাৰ কৰি ৰাজনৈতিক ৰুটিখন সেকিব বিচাৰিছে নেকি ? আজমলক পুতলা সজাই বিজেপিয়ে ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলাইছে নেকি? সেই লৈ এতিয়া প্ৰশ্ন হিচাপে চিহ্নিত হৈছে। বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি যোৱাৰ বাবেই আজমলক গ্ৰেপ্তাৰ কৰা নাই নেকি? সেই লৈ সকলোৱে মুকলিভাৱে প্রশ্ন উত্থাপন কৰিছে। 
ইপিনে, জলেশ্বৰৰ বিধায়কগৰাকীক গ্ৰেপ্তাৰ সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আফতাব উদ্দিন মোল্লাক লৈ আজমলে বেছি সাম্প্ৰদায়িক মন্তব্য কৰি আছে। আজমলৰ ক্ষেত্ৰত গৃহ বিভাগ কিয় নৰম? সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে। যিসকলে সাম্প্রদায়িক মন্তব্য কৰে সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগে। আইন সকলোৰে বাবে সমান হ’ব লাগে। ইপিনে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে যিসকলে সাম্প্রদায়িক মন্তব্য কৰে সেইসকলকহে গ্ৰেপ্তাৰ কৰিব লাগে । আজমলক কিয় গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে আজমলৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈ আছে। আজমলৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই৷ একেদৰে শিলাদিত্য, সত্যৰঞ্জন বৰাক কেতিয়া গ্ৰেপ্তাৰ কৰিব। আইন সকলোৰে বাবে সমান হ’ব লাগে বুলি তেওঁ উল্লেখ কৰে ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon