Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 11:22 am

Home » Regional » Assam » Tutors’ (Teachers’) Association | সম কামৰ সম মৰ্যাদা প্ৰদান দাবীঃ জঙ্গী আন্দোলনৰ হুংকাৰ

Tutors’ (Teachers’) Association | সম কামৰ সম মৰ্যাদা প্ৰদান দাবীঃ জঙ্গী আন্দোলনৰ হুংকাৰ

গুৱাহাটী, ২১ আগষ্টঃ সদৌ অসম প্ৰাদেশীকৃত হাইস্কুল টিউটৰ (শিক্ষক) সন্থাৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ দাবীত দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত সন্থাটোৰ সভাপতি অতুল চন্দ্ৰ ডেকাই ২০২১ ইং চনত মাধ্যমিক বিদ্যালয় প্রাদেশীকৃত আইন ২০১৭, সংশোধনী ২০১৮ৰ আধাৰত নিযুক্তি পোৱা টিউটৰ (শিক্ষক) কর্মচাৰী আৰু অনা-শিক্ষক কর্মচাৰী সকলৰ মাহিলী নির্দিষ্ট নিম্নতম মজুৰি বাতিল কৰি বিদ্যালয় প্রাদেশীকৃত আইন ২০১১ আৰু সংশোধনী আইন ২০১২ৰ আধাৰত, ২০১৩ চনত প্রাদেশীকৰণ কৰা শিক্ষক সকলক সম পর্যায়ৰ দৰমহা প্রদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।
একেদৰে কাৰ্যকৰী সভাপতি সুশোভন চক্ৰৱৰ্তীয়ে নিজৰ মন্তব্য দাঙি ধৰি তেওঁ কয়, চৰকাৰে শিক্ষকৰ শিক্ষাগত অর্হতা বিচাৰ কৰি বিদ্যালয়ক স্বীকৃতি প্রদান কৰাৰ পিছত চৰকাৰী অৱহেলাত বহু বছৰৰ পিছত ২০১৭ চনত নতুন আইন প্রণয়ন কৰি মাহিলী মজুৰি সহ-শিক্ষকৰ ১২,৬০০/- আৰু প্রধান শিক্ষকৰ ১৬.২০০/- টকা মজুৰি প্রদান কৰি শিক্ষকৰ সলনি (টিউটৰ) নামাকৰণ কৰি শিক্ষক সমাজক অপমান কৰা হৈছে। যিহেতু আমাৰ বিদ্যালয়সমূহক চৰকাৰে ২০১২ চনৰ বহুত আগতেই স্বীকৃতি প্রদান কৰিছিল, কিন্তু বিদ্যালয় প্রাদেশীকৰণ নীতিৰ ২০০৩ অনুসনি আমাৰ চাকৰি প্রাদেশীকৃত নকৰি শিক্ষক নিযুক্তিৰ ২০০৩ৰ সংশোধিত নীতি ২০১২ৰ নিয়ম প্রয়োগ কৰি (টিউটৰ) হিচাপে ঢাকৰি প্রাদেশীকৃত কৰি আমাক পূর্ণ দৰমহা প্রাপ্তিৰ পৰা বিৰত ৰাখি অন্যায় কৰা হৈছে।
আনহাতে সাধাৰণ সম্পাদক ৰফিকুল ইছলামে কয় যে, উপযুক্ত অৰ্হতা থকা সরেও এই আইনে অন্য শিক্ষক কর্মচাৰী তথা চতুর্থ শ্ৰেণীৰ কর্মী তথা নিম্নবর্গৰ সহায়ক সকলক পূর্ববর্তী প্রাদেশীকৃত বিদ্যালয় আৰু বিভিন্ন কার্যালয়ত কর্মৰত কর্মীৰ দবে পূর্ণ দৰমহা নিদি মাহিলী ৮,০০০/- আৰু ১০,০০০/- টকাকৈ মজুৰি দিয়াটো সম্পূর্ণ যুক্তিহীন আৰু অ-মানবিক। ইপিনে সন্থাৰ হিচাপ পৰীক্ষক বিপীন ভৰালীয়ে নিজৰ মন্তব্যত সদৌ অসম প্ৰাদেশীকৃত হাইস্কুল টিউটৰ (শিক্ষক) সন্থাৰ বিভিন্ন সমস্যাসমূহ আজিলৈকে সমাধানৰ কোনো আগভাগ নোলাৱাত চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে অতি শীঘ্ৰে সন্থাৰ সমস্যাসমূহ সমূহ সমাধান নকৰিলে জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। 
সদৌ অসম প্ৰাদেশীকৃত হাইস্কুল টিউটৰ (শিক্ষক) সন্থাই আজিৰ এই সংবাদমেলৰ জৰিয়তে মূলতঃ বিনাচৰ্তে ”টিউটৰ” ৰ পৰা টিচাৰ কৰা, ২০-৩০ বছৰে বিনা বেতনে কাম কৰা প্ৰাদেশীকৃত শিক্ষকৰ স্নাতক ৫০ শতাংশ আৰু বি. এড বাতিল কৰা, নিযুক্তি সমাৰোহত ৩৫ হাজাৰ শিক্ষকৰ সন্মুখত ঘোষণা কৰা গ্ৰেচুইটিৰ ১০ লাখ টকা প্ৰদানৰ ব্যবস্থা কৰা, বি. এড উত্তীৰ্ণ “টিউটৰ” প্ৰধান শিক্ষক সহ – শিক্ষকৰ স্নাতক পৰীক্ষা ৫০ শতাংশ বাতিল কৰি পূৰ্ণ শিক্ষকৰ মৰ্য্যদা প্ৰদান কৰা, প্ৰাদেশীকৃত টিউটৰ (শিক্ষক) ক পূৰ্ণ পৰ্যায়ৰ শিক্ষকলৈ উন্নীত নকৰা পৰ্যন্ত মৰ্য্যদা সম্পন্ন দৰমহা প্ৰদান কৰা, অনা – শিক্ষক কৰ্মচাৰী সকলক পুৰ্ণ পৰ্যায়ৰ দৰমহা প্ৰদান কৰা, ২০২১ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহলৈ বৰ্দ্ধিত বকেয়া প্ৰদান কৰা আৰু Base School সন্দৰ্ভত থকা সমস্যা সমূহ ক্ষীপ্ৰতাৰে সমাধান কৰি S.M.D.C গঠনৰ যোগেদি বিদ্যালয় সমূহ পৰিচালনাৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon