Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 2:16 pm

Home » Regional » Assam » শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ নকৰাত বিধানসভাৰ অধ্যক্ষলৈ ন্যায়ালয়ৰ জাননী

শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ নকৰাত বিধানসভাৰ অধ্যক্ষলৈ ন্যায়ালয়ৰ জাননী

কংগ্ৰেছৰ পৰা নিলম্বিত শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ নকৰাত অসম বিধানসভাৰ অধ্যক্ষলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী।
কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজৰ বাবে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে ০২ মেত বিধানসভাৰ অধ্যক্ষৰ ওচৰত সংবিধানৰ দশম অনুসূচী অনুসৰি আবেদন দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে Civil Appeal No.547/2020 গোচৰত ২০২০ বৰ্ষৰ ২১ জানুৱাৰীত প্ৰদান কৰা ৰায়দান অনুসৰি, বিধানসভাৰ অধ্যক্ষই আবেদন দাখিল কৰা তাৰিখৰ পৰা তিনি মাহৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। 
অসম বিধানসভাৰ অধ্যক্ষই সিদ্ধান্ত গ্ৰহণ নকৰাত ৰকিবুল হুছেইনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ WP (C) No.4586/2024 (Rakibul Hussain Vs The Hon’ble Speaker & 3 Ors) দাখিল কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ০৯ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰি বিধানসভাৰ অধ্যক্ষ, বিধানসভাৰ প্ৰধান সচিব, বিধানসভাৰ সচিব আৰু শ্বেৰমান আলী আহমেদলৈ জাননী জাৰী কৰাৰ লগতে শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিয়ে আৰু গোচৰৰ শুনানিৰ পৰৱৰ্তী তাৰিখ ২৭ নৱেম্বৰৰ দিনটো ধাৰ্য্য কৰে। গোচৰ বিচাৰাধীন হৈ থাকোঁতে বিধানসভাৰ অধ্যক্ষই ০২ মেত ৰকিবুল হুছেইনে দাখিল কৰা আবেদনত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন আদেশ দিয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon