Weather Data Source: wetter Bangalore 14 tage

July 9, 2025 1:59 pm

Home » Regional » Assam » সন্দেহজনক? মুছলমান হোৱাটোৱেই অপৰাধ নেকি?

সন্দেহজনক? মুছলমান হোৱাটোৱেই অপৰাধ নেকি?

  • ৱাহিদুৰ ৰহমান বৰা
সন্দেহজনক…। অসমত সততে উচ্চাৰিত হোৱা এটা শব্দ। এই সন্দেহজনক শব্দটোক লৈ দীর্ঘ বছৰ ধৰি একাংশ ৰাজনৈতিক দলৰ নেতাই তেওঁলোকৰ ৰাজনৈতিক ৰুটীখন সেকি আহিছে। মূৰত টুপী, মুখত দাড়ি আৰু পিন্ধনত লুঙী দেখিলেই এইসকলৰ দৃষ্টিত লোকজন হৈ পৰে সন্দেহজনক। লোকজন ভাৰতীয় নে বাংলাদেশী নথি-পত্ৰ পৰীক্ষা কৰাৰ যেন কাৰোৰেই সময় নাই। 
পিন্ধনত লুভী বা টুপী থাকিলেই হ’ল, সেই লোকজন সন্দেহজনক বা বাংলাদেশী হৈ পৰে। হয়, আমি অসম মুলুকত শেহতীয়াকৈ ঘটি থকা কেতবোৰ ঘটনাৰ কথাই ক’ব বিচাৰিছো। লুঙী-টুপী পৰিধান কৰা অসমৰ মুছলমানসকল এতিয়া একাংশৰ বাবে সন্দেহজনক নাগৰিক। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি জহাই ফুৰা একাংশ সাংবাদিকৰ পৰা আৰম্ভ কৰি তথাকথিত উগ্র সাম্প্রদায়িক সংগঠন আৰু ৰাজনৈতিক দলৰ একাংশ নেতাই লুঙী-টুপী দেখিলেই তেওঁলোকৰ গা বিচাই ডকা দি ডাকে। 
এতিয়া আহোঁ আচল কথালৈ। সোণাপুৰৰ কচুতলীৰ ট্রাইবেল বেল্টৰ ভূমিত চলিল উচ্ছেদ। ট্রাইবেল বেল্টৰ ভূমিত অজনজাতীয় লোকে বসবাস কৰিব নোৱাৰে, তাৰ বাবে ২০-২৫ বছৰ ধৰি বসবাস কৰি থকাৰ পিছতো সেই লোকসকলক উচ্ছেদ কৰা হ’ল। ট্রাইবেল বেল্টৰ ভূমিত উচ্ছেদ চলিব লাগে, ইয়াত কাৰো দ্বিমত থাকিব নোৱাৰে। চৰকাৰী বুলডজাৰ চলাৰ পিছত সোণাপুৰৰ কচুতলীৰ সেই উচ্ছেদিত লোকসকলে বৰপেটা, খাৰুপেটীয়া, দলগাঁৱকে আদি কৰি বিভিন্ন স্থানলৈ ৰাওনা হৈছে। নিজৰ সপোনৰ ঘৰটো মুহূৰ্তৰ ভিতৰতেই চৰকাৰী বুলড’জাৰৰ কোবত মুহূৰ্তৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত হৈছে। তেওঁলোকৰ মূৰত যেন সৰগ ভাগি পৰিছে। 
এনে এক দুর্যোগৰ সময়ত সেই উচ্ছেদিত লোকসকলক মুকলিকৈ কোৱা হৈছে ‘সন্দেহজনক’। দল-সংগঠনৰ নেতাৰ পৰা আৰম্ভ কৰি একাংশ সাংবাদিকে সেই দুর্ভগীয়া লোকসকলক ‘সন্দেহজনক নাগৰিক ‘সজাই বহুল প্রচাৰ চলাইছে। এতিয়া প্রশ্ন হয় সেইসকলক কিহৰ ভিত্তিত সন্দেহজনক নাগৰিক সজোৱা হৈছে? কি তথ্যৰ আধাৰত সন্দেহজনক নাগৰিক বুলি বহুল প্ৰচাৰ চলোৱা হৈছে? যদি সঁচাকৈয়ে সন্দেহজনক নাগৰিকেই হয়, তেন্তে সেই লোকসকলক কিয় বৰপেটা বা খাৰুপেটীয়ালৈ যাবলৈ দিয়া হ’ল? উচ্ছেদ কৰাৰ সময়ত সন্দেহজনক বুলি বহুল প্রচাৰ চলোৱা সেই লোকসকলক ধৰি-বান্ধি বাংলাদেশলৈ বিতাড়ন কৰাৰ ব্যবস্থা কৰা নহ’ল কিয়? উচ্ছেদৰ সময়ত ‘সন্দেহজনক নাগৰিক’ বুলি টেটু ফালি চিঞৰিলেই সকলোৰে দায়িত্ব শেষ হৈ যায় নেকি? উচ্ছেদৰ সময়ত যিদৰে প্ৰচাৰ চলোৱা হ’ল বা অপবাদ দিয়া হ’ল, সেই লোকসকল যদি সঁচাকৈয়ে সন্দেহজনক নাগৰিক, তেন্তে আন ঠাইলৈ ৰাওনা হোৱাৰ পূৰ্বেই লোকসকলৰ নথি-পত্ৰ পৰীক্ষা কৰি বাংলাদেশৰ কাঁটাতাঁৰ পাৰ কৰি দিয়া নহ’ল কিয়? সেয়া এতিয়া প্রশ্ন হিচাপে চিহ্নিত হৈছে। 
কেবল ‘সন্দেহজনক নাগৰিক’ বুলি টেটু ফালি চিঞৰিলেই সমস্যা সমাধান নহয় বা মিছাটো সঁচা হৈ নাযায়। ইপিনে যদি সেই লোকসকল ভাৰতীয় নাগৰিক, তেন্তে সংবিধানে তেওঁলোকক জীয়াই থকাৰ অধিকাৰ দিছে। স্বদেশতো এতিয়া বিদেশী সজোৱাৰ প্রতিযোগিতা চলিছে। এই নিৰীহ লোকসকলৰ কি অপৰাধ? মুছলমান হোৱাটোবেই অপৰাধ নেকি? অসমত আৰু কিমান দিন চলিব সন্দেহজনক নাগৰিকৰ নামত নিকৃষ্ট বাজনীতি? 
সোণাপুৰৰ কচুতলীত উচ্ছেদৰ বলি হোৱা এগৰাকী দুৰ্ভগীয়াৰ ভাষ্য- আমি ভাৰতীয় নাগৰিক হিচাপে যি নথি লাগে, সকলো নথি আমাৰ হাতত আছে। কচুতলীত মাটি ক্রয় কৰি বিগত ত্রিশ বছৰ ধৰি বসবাস কৰি আছো। শ্রমিক হিচাপে নিয়োজিত হৈ পৰিয়ালটোক পোহপাল দি আহিছো। কি নথি লাগে, সকলো নথি আমাৰ হাতত আছে। তথাপি বাৰে বাৰে সন্দেহজনক নাগৰিক বুলি অপবাদ দি আহিছে। যদি আমি সন্দেহজনক নাগৰিকেই, তেন্তে নথি-পত্ৰ পৰীক্ষা কৰাৰ ব্যৱস্থা নকৰে কিয়? এই অপবাদ আৰু কিমান দিন লৈ থাকিব লাগিব বুলি আব্দুল্লাই ক্ষোভ প্রকাশ কৰে।
এতিয়া আহোঁ গৰুখুঁটি আৰু কাজিৰঙাৰ প্ৰসংগলৈ। গৰুপুঁটি আৰু কাজিৰঙাত উচ্ছেদ কৰাৰ সময়ত মুছলমান লোকসকলক মুকলিকৈ ‘সন্দেহজনক’ অথবা ‘বাংলাদেশী’ৰ অপবাদ জাপি দিয়া হৈছিল। সন্দেহজনক নাগৰিক বুলি কেবল অপবাদ দিয়াই নহয়, আৰক্ষীৰ গুলীত প্রাণ হেৰুওৱা দুৰ্ভগীয়া লোকৰ মৃতদেহৰ ওপৰত জপিয়াই নৃত্য কৰাও পৰিলক্ষিত হৈছিল। কিন্তু পিছত সন্দেহজনক বাবাংলাদেশী বুলি অপবাদ দিয়া গৰুখুঁটি অথবা কাজিৰঙাৰ সেই উচ্ছেদিত লোকসকলক চৰকাৰেই সংস্থাপন দিলে। 
যদি সন্দেহজনকেই আছিল, তেন্তে চৰকাৰীভাবে সংস্থাপিত কৰাৰ ৰহস্য কি? কেরল দাড়ি-টুপী-লুঙী দেখিলেই সন্দেহজনক বুলি অপবাদ দিয়াৰ এই প্রবণতা বন্ধ হ’ব লাগে। সঁচাকৈ যদি সন্দেহজনক নাগৰিক, তেন্তে সেই লোকসকলৰ নথি-পত্ৰ পৰীক্ষা কৰি বাংলাদেশলৈ বিতাড়ন কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি তাকে নকৰে বা কৰিব নোৱাৰে, তেতিয়াহ’লে এতিয়াৰে পৰা মুছলমান হ’লেই সন্দেহজনক নাগৰিক আখ্যা দিয়া কার্য বন্ধ হ’ব লাগে। ভাৰতীয় নাগৰিকক সন্দেহজনক নাগৰিকৰ অপবাদ দিয়াটো সংবিধানৰ পৰিপন্থী।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon