Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 1:22 pm

Home » ক্ৰীড়া » Women’s Asian Champions Trophy 2024 | Hockey : এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত খিতাপ অৰ্জন ভাৰতীয় মহিলা হকী দলৰ, ১-০ গ’লত চীনক পৰাস্ত

Women’s Asian Champions Trophy 2024 | Hockey : এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত খিতাপ অৰ্জন ভাৰতীয় মহিলা হকী দলৰ, ১-০ গ’লত চীনক পৰাস্ত

বিহাৰৰ ঐতিহাসিক চহৰ ৰাজগীৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত খিতাপ অৰ্জন কৰে ভাৰতীয় মহিলা হকী দলে। ফাইনেলত প্ৰতিদ্বন্দ্বী চীনক ১-০ গ’লত পৰাস্ত কৰে ভাৰতীয় দলটোৱে। বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এছিয়ান মহিলা হকী চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত চীনৰ বিৰুদ্ধে ভাৰতৰ খেলুৱৈ দীপিকাই তৃতীয় কোৱাৰ্টাৰৰ প্ৰথম মিনিটত গ’ল দি ভাৰতক ১-০ৰ অগ্ৰগতি প্ৰদান কৰে।
অৱশ্যে পেনাল্টী কৰ্ণাৰত ব্যৰ্থ প্ৰচেষ্টাৰ পাছত দীপিকাই ৰিভাৰ্ছ হিটেৰে গ’ল প্ৰদান কৰে। প্ৰতিযোগিতাত খেলুৱৈগৰাকীৰ এয়া আছিল ১১সংখ্যক গ’ল৷ প্ৰথমাৰ্ধত চীনে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ভাৰতক কোনো গ’ল প্ৰদানৰ সুযোগেই নিদিলে। এই সময়ত ভাৰতে চাৰিটা পেনাল্টী কৰ্ণাৰ লাভ কৰাৰ বিপৰীতে চীনে লাভ কৰে দুটা পেনাল্টী কৰ্ণাৰ।
এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল খেলখন আৰম্ভ হোৱাৰ ৩ ঘণ্টা পূৰ্বৰে পৰা ষ্টেডিয়াম ভৰি পৰিছিল দৰ্শকৰে। দৰ্শক তথা অনুৰাগীসকলে ভাৰতীয় পতাকা প্ৰদৰ্শন কৰি খেলুৱৈসকলক উৎসাহিত কৰি তুলিছিল। খেলখন স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ষ্টেডিয়ামত উপস্থিত হয় কোৰিয়া, জাপান আৰু মালয়েছিয়াৰ দলসমূহ৷ খেলখনৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডৱিয়া, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিহাৰৰ জলসম্পদ তথা জিলাখনৰ প্ৰভাৰী মন্ত্ৰী বিজয় কুমাৰ চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon