Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 2:25 pm

Home » Regional » Assam » বাবৰ আলী মোল্লা এম ই মাদ্ৰাছাত মণ্ডল সমল কেন্দ্ৰ ভিত্তিক শিক্ষণ শিকণ সঁ‌জুলিৰ প্ৰদৰ্শনী

বাবৰ আলী মোল্লা এম ই মাদ্ৰাছাত মণ্ডল সমল কেন্দ্ৰ ভিত্তিক শিক্ষণ শিকণ সঁ‌জুলিৰ প্ৰদৰ্শনী

 

হাউলীঃ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু নিপুণ অসম আঁ‌চনিৰ লগত সংগতি ৰাখি আজি ভৱানীপুৰ শিক্ষাখণ্ডৰ বানিয়াৰাপাৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বাবৰ আলী মোল্লা এম ই মাদ্ৰাছাত এখনি মণ্ডল সমল কেন্দ্ৰ ভিত্তিক শিক্ষণ শিকণ সঁ‌জুলিৰ প্ৰদৰ্শনী( TLM Exhibition) অনুষ্ঠিত হয়। অনুষ্ঠানখনিত মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বহুকেইখন বিদ্যালয়ে অংশ গ্ৰহণ কৰি তেওঁলোকে প্ৰস্তুত কৰা শিক্ষণ-শিকণ সঁ‌জুলিসমূহ প্ৰদৰ্শন কৰে।
ৰাতিপুৱা এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা উক্ত অনুষ্ঠানখনিত সমন্বয়কৰ ভূমিকাত উপস্থিত থাকে বাবৰ আলী মোল্লা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক মোঃ আব্বাছ আলীয়ে। প্ৰতিযোগিতামূলকভাৱে অনুষ্ঠিত হোৱা উক্ত প্ৰদৰ্শনীত প্ৰথম স্থান অধিকাৰ কৰে বাবৰ আলী মোল্লা এম ই মাদ্ৰাছা, দ্বিতীয় স্থান অধিকাৰ কৰে ১৫০৬ নং পশ্চিম বানিয়াৰাপাৰা প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় স্থানত থাকে পূৱ কুমুল্লীপাৰা প্ৰাথমিক বিদ্যালয়ে। প্ৰতিযোগিতাখনিত বিচাৰক হিচাপে উপস্থিত থাকে ভৱানীপুৰ শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি মোছলেম উদ্দিন খান, অৱসৰপ্ৰাপ্ত মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক আলহাজ ছামছুল আলম আৰু বাবৰ আলী মোল্লা এম ই মাদ্ৰাছাৰ সহকাৰী শিক্ষক আলী আকবৰ শিকদাৰে।
বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰস্তুত কৰা এই শিক্ষণ শিকণ সঁ‌জুলিসমূহে তেওঁলোকৰ বিদ্যালয়ৰ শিক্ষণ-শিকণ প্ৰক্ৰিয়াত নতুন গতি দিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ধীৰাজ চৌধুৰীয়ে। অনুষ্ঠানখনিত দৰ্শক হিচাপে উপস্থিত থকা সদৌটিয়ে অনুষ্ঠানখনিৰ ভূয়সী প্ৰশংসা কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon