Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 1:36 pm

Home » Regional » Assam » Topcem Cement | টপচেম চিমেন্টেৰ উদ্যোগত চকুৰ ছানি পৰা অস্ত্রোপচাৰ আৰু চকু পৰীক্ষা শিবিৰ

Topcem Cement | টপচেম চিমেন্টেৰ উদ্যোগত চকুৰ ছানি পৰা অস্ত্রোপচাৰ আৰু চকু পৰীক্ষা শিবিৰ

 

গুৱাহাটী, ৩১ জানুৱাৰী, ২০২৫: উত্তৰ পূব ভাৰতৰ এক অগ্রনী চিমেন্ট ব্রেন্ড টপচেম চিমেন্টে তেওঁলোকৰ বিনামূলীয়া ৮ম সংখ্যক চকু ছানি পৰা অস্ত্রোপচাৰ আৰু চকু পৰীক্ষা শিবিৰ আয়োজন কৰে। এই ক্ষেত্রত আই ডাক্তর্চ-এন আই ক্লিনিক এণ্ড চাৰ্জাৰী চেন্টাৰ, গুৱাহাটী, সহযোগী হিচাপে আছে। এই পদক্ষেপে নূন্যতম সেৱাৰ পৰা বঞ্চিত জনসমুদায়ৰ লোকক সুলভ চকু যত্ন সেবা প্রদান কৰা, চকুৰ সুস্থ দৃষ্টিশক্তি বৃদ্ধি কৰা আৰু জীৱন যাপনৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত টপচেম চিমেন্টৰ প্রতিশ্রুতি সমৃদ্ধ কৰে।
২০২৫ চনৰ ১ ফেব্ৰুৱাৰী পৰা ১৫ টা দিনৰ ভিতৰতে এই বিশেষ শিবিৰে দৰঙ, ওদালগুৰি, বৰপেটা আৰু কামৰূপ জিলাত ব্যাপক গ্রামীণ চকু স্ক্রীনিং ব্যৱস্থা অনুষ্ঠিত কৰিব। বিশেষজ্ঞসকলে চকুৰ বিভিন্ন স্থিতিৰ প্রায় ২৫০ গৰাকী ৰোগীৰ পৰীক্ষা কৰিব, য’ত চকুৰ ছানি পৰা, প্রতিসবণত্রুটি আৰু দৃষ্টিশক্তিৰ সমস্ত বিকাৰ, আই ডাক্তর্চ-এন আই ক্লিনিক এণ্ড চার্জাৰী চেন্টাৰে পৰীক্ষা কৰিব।
টপচেম চিমেন্টে ৫০ গৰাকী ৰোগীক আই ডাক্তৰ্চ ইন্সটিটিউট এণ্ড চাৰ্জাৰী চেন্টাৰত বিনামূলীয়াকৈ চকুৰ ছানি পৰা অস্ত্রোপচাৰৰ বাবে সহায়তা প্রদান কৰিব, তেওঁলোকৰ জীৱন বিষয়ক নতুনত্ব প্রদান কৰিব। কোম্পানীটোৰ সমর্থনত অস্ত্রোপচাৰৰ সৈতে জড়িত সমস্ত ব্যয় সামৰি লৈ এয়া নিশ্চিত কৰিব যে ড° অনিল কাপুৰে মন্তব্য কৰে “টপচেম চিমেন্টে সামাজিক বিকাশত অৰিহণা যোগাব পৰা কাৰকসমূহক সমৰ্থন কৰিবলৈ সদায় সমর্পিত। এই পদক্ষেপটো আমাৰ প্ৰান্তীয় জনসমুদায়সমূহৰ জীৱন ধাৰণৰ মান উন্নত কৰা, জীৱন যাপনৰ শৈলী সমৃদ্ধ কৰাৰ লগতে সামাজিক দায়বদ্ধতাৰ সংস্কৃতি গঢ়ি তোলাৰ সৈতে ৰজিতা বক্ষা কবে।”
২০১৮ চনৰ পৰা টপচেম চিমেন্টৰ বিনামূলীয়া চকু ছানি পৰা অস্ত্রোপচাৰৰ প্ৰচেষ্টাই ভাৰত চৰকাৰৰ অন্ধত্ব আৰু দৃষ্টিশক্তিৰ দুৰ্বলতা নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্য্যসূচীত সহায়তা প্রদান কৰিছে। কোম্পানীটোরে ২০২৪ চন পর্যন্ত ২০০ সংখ্যক অস্ত্রোপচাৰ সফলতাৰে সম্পূর্ণ কৰিছে, দৃষ্টিশক্তিৰ পুণবোদ্ধাৰ কৰিছে আৰু বহুজনৰ জীৱনলৈ পৰিবৰ্তন আনিছে।
সহজলভ্য চকু স্বাস্থ্য সেবা প্রদান কৰি টপচেম চিমেন্টে জনসমুদায়ৰ কল্যাণ সাধনৰ সমান্তৰালভাৱে চকুৰ স্বাস্থ্য উন্নত কৰা আৰু সুস্থ আৰু অধিক ফলপ্রসূ সমাজৰ প্রতি প্রতিশ্রুতি পুনৰ নিশ্চিত কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon