Weather Data Source: wetter Bangalore 14 tage

July 16, 2025 4:27 pm

ক্ৰীড়া
Sangbad Prahari

Women’s Asian Champions Trophy 2024 | Hockey : এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত খিতাপ অৰ্জন ভাৰতীয় মহিলা হকী দলৰ, ১-০ গ’লত চীনক পৰাস্ত

বিহাৰৰ ঐতিহাসিক চহৰ ৰাজগীৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত খিতাপ অৰ্জন কৰে ভাৰতীয় মহিলা হকী দলে। ফাইনেলত প্ৰতিদ্বন্দ্বী চীনক ১-০ গ’লত পৰাস্ত কৰে ভাৰতীয় দলটোৱে। বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এছিয়ান মহিলা হকী চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত চীনৰ বিৰুদ্ধে ভাৰতৰ খেলুৱৈ দীপিকাই তৃতীয় কোৱাৰ্টাৰৰ প্ৰথম মিনিটত গ’ল দি ভাৰতক ১-০ৰ অগ্ৰগতি প্ৰদান কৰে। অৱশ্যে পেনাল্টী কৰ্ণাৰত ব্যৰ্থ প্ৰচেষ্টাৰ পাছত দীপিকাই ৰিভাৰ্ছ হিটেৰে গ’ল প্ৰদান কৰে। প্ৰতিযোগিতাত খেলুৱৈগৰাকীৰ এয়া আছিল ১১সংখ্যক গ’ল৷ প্ৰথমাৰ্ধত চীনে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ভাৰতক কোনো গ’ল প্ৰদানৰ সুযোগেই নিদিলে। এই সময়ত ভাৰতে চাৰিটা পেনাল্টী কৰ্ণাৰ লাভ কৰাৰ বিপৰীতে চীনে লাভ কৰে দুটা পেনাল্টী কৰ্ণাৰ। এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল খেলখন আৰম্ভ হোৱাৰ ৩ ঘণ্টা পূৰ্বৰে

Read More »

IPL 2024 Champion KKR- ফাইনেলত হায়দৰাবাদৰ অসহায় আত্মসমৰ্পন; ১০ বছৰ পিছত পুনৰ চেম্পিয়ন কলকাতা

   কলকাতা নাইট ৰাইডাৰ্ছে ১৪খন মেচত ৯খন জয় আৰু ২০ পইণ্ট লাভ কৰি লীগ টেবুলৰ এক নম্বৰৰ পৰা প্লে অফত প্ৰৱেশ কৰিছিল। আনহাতে, ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৪খন মেচত ৮খনত জয়েৰে ধৰি ১৭ পইণ্ট লাভ কৰি দ্বিতীয় স্থানৰ পৰা প্লে অফত প্ৰৱেশ কৰিছিল। পিছত আই পি এল ২০২৪ৰ প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি ফাইনেলৰ পোনপটীয়া টিকট লাভ কৰিছিল কলকাতাই। প্ৰথম কোৱালিফায়াৰত পৰাস্ত হোৱাৰ পিছতো ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দ্বিতীয়খন কোৱালিফায়াৰত জয়লাভ কৰি ছানৰাইজাৰ্ছে খিতাপ যুঁজৰ টিকট নিশ্চিত কৰিছিল। এইবাৰ চিপকত প্ৰতিযোগিতাৰ ফাইনেলত পুনৰ মুখামুখি হয় কলকাতা আৰু হায়দৰাবাদ। শেষত হাই ভল্টেজ ফাইনেলখনত কলকাতাই হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়টো আই পি এল খিতাপ দখল কৰে। ৩ অভাৰত মাত্ৰ ১৪ ৰান দি ২ টা উইকেট

Read More »

IPL 2024 Final | আই পি এলৰ ফাইনেলত কলকাতাৰ বিৰুদ্ধে খেলিব হায়দৰাবাদ

স্নায়ুযুঁজত ৰাজস্থানৰ বিদায়! আই পি এলৰ ফাইনেলত কলকাতাৰ বিৰুদ্ধে খেলিব হায়দৰাবাদে। দুয়োটা দলেই এবাৰকৈ জিকিছে আই পি এল ট্ৰফী। ছানৰাইজাৰ্ছ হায়দৰাবাদে শেষবাৰৰ বাবে ২০১৬ চনত খিতাপ লাভ কৰিছিল । আৰু ২০০৮ চনৰ উদ্বোধনী ছিজনত ট্ৰফী জয়ৰ পিছত ৰাজস্থান ৰয়েলছৰ বাবে ট্ৰফী জয়ৰ সপোনে খেদি ফুৰিছিল। ফলত দুয়োটা দলে দ্বিতীয়বাৰ ট্ৰফী জয়ৰ বাবে ফাইনেলত প্ৰৱেশ কৰিবলৈ উন্মুখ হৈ পৰিছিল। আৰু সেই যুঁজত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৩৬ ৰানত জয়লাভ কৰে। ইতিমধ্যে ফাইনেলৰ টিকট নিশ্চিত কৰা কলকাতা নাইটছে পেট কামিন্সৰ দলৰ বাবে অপেক্ষা কৰি আছে। চলিত আই পি এলত ৰাজস্থান আৰু হায়দৰাবাদৰ শক্তি প্ৰায় সমান। সঠিক সময়ত তেওঁলোকৰ সকলো অস্ত্ৰ সম্ভাৰ উজলি উঠিছে। আই পি এলৰ দুই আৰু তিনি নম্বৰৰ দলটো বেটিং আৰু বলিং

Read More »

Mohammed Shami | ছেমি ফাইনেলত জিলিকি উঠিল মহম্মদ ছামী

এটায়েই নাম যাৰ নাম সকলো ক্ৰিকেট প্ৰেমী সকলৰ মাজতে চৰ্চিত। এটা দৰিদ্ৰ পৰিয়ালৰ পৰা এজন যুৱক। যাৰ নাম মহম্মদ ছামী। এইবাৰ বিশ্বকাপত উজলি উঠিছে মহম্মদ ছামী। বিশ্ব কেপত কালি নিউজিলেণ্ডৰ বিপক্ষে খেলা খেল খনত এটাৰ পাছত এটাকৈ ৭ টা উইকেট দখল কৰি ইতিহাস ৰিছিলে মহম্মদ ছামী নামৰ যুৱক জনে।  বিশ্বকাপত ৫০টা উইকেট লোৱা প্ৰথম জন ভাৰতীয় বলাৰ মহম্মদ ছামী। বিশ্বকাপত সৰ্বাধিক উইকেট লৈ ৰেকৰ্ড কৰিলে মহম্মদ ছামীয়ে। এটা বৃহৎ ৰেকৰ্ড কৰি ভাৰতলৈ সু-নাম কঢ়িয়াই আনিলে মহম্মদ ছামীয়ে। এই বিশ্ব কাপতে ৬ খন খেলত মহম্মদ ছামীয়ে লৈছে ২৩ টাকৈ উইকেট। বিশ্বকাপত সৰ্বাধিক উইকেট লোৱা অষ্ট্ৰেলিয়াৰ মিছেল ষ্ট্ৰাকৰ ৰেকৰ্ড ভাঙিলে মহম্মদ ছামীয়ে। বিশ্ব কাপৰ ১৭ খন মেচত সৰ্বাধিক ৫০ টা উইকেট লৈ

Read More »

Mohammed Shami | ধৰ্মৰ দ্বাৰা খেলুৱৈক বিচাৰ কৰাটো অনুচিত

ছৈয়দ বুলবুল জামানুৰ হক তাৰিখ ২৪ অক্টোবৰ, ২০২১। সেইদিনা আছিল ভাৰত পাকিস্তানৰ ক্ৰিকেট খেল। খেলখনত ভাৰতে পাকিস্তানৰ হাতত পৰাজয় স্বীকাৰ কৰিছিল। ১১ জনীয়া ভাৰতীয় দলটৌত আছিল একমাত্ৰ মুছলমান খেলুৱৈ মহম্মদ ছামী। ভাৰতীয় দলটোৰ সেই পৰাজয়ৰ বাবে দায়ী কৰা হ’ল একমাত্ৰ মহম্মদ ছামীক। কোৱা হৈছিল- ছামী পাকিস্তানৰ এজেণ্ট, ছামী পাকিস্তানৰ ১২ নং খৈলুৱৈ, ছামীক পাকিস্তান যাবলৈ কোৱা হৈছিল, কোৱা হৈছিল ছামী দেশদ্ৰোহী।  সেই দিনটো ভাৰতৰ বাবে আছিল দুঃস্বপ্নৰ দিন! ছচিয়েল মিডিয়াত ট্ৰেণ্ড হৈ পৰিছিল ছামী প্ৰসংগ! পাকিস্তানৰ বিৰূদ্ধে এনে শোচনীয় পৰাজয়ক কোনোপধ্যে মানি ল’ব খোজা নাছিল ভাৰতীয় সমৰ্থকে। এনে অনাকাংক্ষিত পৰাজয়ৰ কথা সপোনতো ভবা নাছিল ভাৰতীয় ক্ৰীড়ানুৰাগীয়ে। ডুবাইৰ খেলপথাৰত ভাৰতে বান্ধি দিয়া ১৫২ৰানৰ লক্ষ্যক অতি সহজে স্পৰ্শ কৰিছিল বাবৰ আৰু ৰিজৱানৰ

Read More »

Baibhab Hazarika – প্ৰ-লীগ ৱৰ্ল্ড চেম্পিয়নশ্বিপত অসমীয়া যুৱকৰ সফলতা

বাংগালুৰুত অনুষ্ঠিত প্ৰ-লীগ ৱৰ্ল্ড চেম্পিয়নশ্বিপত অসমীয়া যুৱকৰ সফলতা গুৱাহাটীৰ বামুনীমৈদামৰ যুৱক তথা পিতৃ ৰাজীৱ হাজৰিকা আৰু মাতৃ দীপাঞ্জলী হাজৰিকাৰ জ্যেষ্ঠ সন্তান বৈভৱ হাজৰিকাই দেশক প্ৰতিনিধিত্ব কৰি ১১০ কিলো শাখাত অৰ্জন কৰিলে সোণৰ পদক। ভাৰতৰ লগতে পৰ্তুগাল, ফ্ৰান্স, ব্ৰিটেইন আৰু থাইলেণ্ডৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ১১ মে ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা খনত। যত স্কোৱা’ট, বেঞ্চপ্ৰেছ, ডেডলিফ্ট শাখাত মুঠ ৬১০ কিলো ভাৰ তুলি সোণৰ পদক তুলি আনিবলৈ সক্ষম হয় অসমৰ যুৱকজনে। বৈভৱৰ ক্ৰীড়া শৈলীক দেশ বিদেশৰ একাধিক ক্ৰীড়াবিদে ভূয়সী প্ৰশংসা কৰে। একদৰে বৈভৱৰ এই সাফল্যত পৰিয়ালৰ লগতে ৰাজ্যাবাসীও এতিয়া উৎফুল্লিত হৈ পৰিছে।

Read More »

FIFA World Cup 2022 | বিশ্বকাপ ফুটবলৰ ৰোমাঞ্চকৰ ফাইনেলত পৰাজিত ফ্ৰান্সঃ মেছিৰ বিশ্বজয়

৩-৩ গ’লত অমীমাংসিত ৰুদ্ধশ্বাস মেচৰ টাইব্রেকাৰত ৪-২ত আৰ্জেণ্টিনাৰ বিজয় কাতাৰৰ লুছাইল ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ আটাইতকৈ ৰোমাঞ্চকৰ মেচত টাইব্ৰেকাৰত মেছিৰ আৰ্জেণ্টিনাৰ হাতত পৰাজিত হ’ল বিগত চেম্পিয়ন ফ্রান্স। একেৰাহে দুখন বিশ্বকাপত খিতাপ দখল কৰি ব্ৰাজিলৰ অভিলেখ স্পৰ্শৰ সুযোগ মষিমূৰ হ’ল কিলিয়ান এমবাপেৰ দলৰ। এইবাৰ বিশ্বকাপত স্বপ্নময় ছন্দত থকা মেছিয়েই পেনাল্টীৰ জৰিয়তে অগ্রগতি প্ৰদান কৰে আৰ্জেণ্টিনাক। খিতাপৰ যুঁজত ফ্ৰান্সক সামগ্রিকভাৱে ৭- ৫ গ’লত পৰাজিত কৰি আৰ্জেণ্টিনাই অৰ্জন কৰিলে কাটাৰ বিশ্বকাপ। মেচখনৰ ২৩ মিনিটত মেছিয়ে পেনাল্টীৰ জৰিয়তে দলক অগ্রগতি প্ৰদান কৰে। পেনাল্টীৰ সিদ্ধান্ত বিতর্কিত হ’লেও মেছিয়ে সুযোগৰ সদ্ব্যৱহাৰ কৰি বিশ্বকাপৰ ইতিহাসত আৰ্জেণ্টিনাৰ হৈ সৰ্বাধিক ১৪টা গ’ল দিয়াৰ কৃতিত্ব অৰ্জন কৰে। তেওঁ ১৪টা গ’ল দিয়াৰ বিপৰীতে ৮টা গ’ল দিয়াত সতীর্থক সহায় কৰিছে। মেচখনত মেছিয়ে তিনিটা

Read More »

টি-২০ বিশ্বকাপত জয়ৰে আভিযান আৰম্ভ ভাৰতৰ || India vs Pakistan world cup 2022

আজি মেলবৰ্ণত অনুষ্ঠিত আই চি চি টি-২০ বিশ্বকাপৰ চুপাৰ-১২-ৰ এক উত্তেজনাপূৰ্ণ মেচত ভাৰতে পাকিস্তানক ৪ উইকেটত পৰাস্ত কৰি এক ৰোমাঞ্চকৰ জয়লাভ কৰে। ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি পাকিস্তানক প্ৰথমে বেট ধৰিবলৈ দিয়াত বাবৰ আজম নেতৃত্বাধীন পাকিস্তানৰ দলটোৱে ৮ টা উইকেটৰ বিনিময়ত ১৫৯ ৰাণ সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ শ্বাহ মাচুদ আৰু ইফটিখাৰ আহমেদে অৰ্ধ শতক অৰ্জন কৰে। ১৬০ ৰাণৰ লক্ষ্য লৈ বেটিঙত নমা ভাৰতীয় দলটোৱে মাত্ৰ ৭ অভাৰতে ৩৩ ৰাণ সংগ্ৰহ কৰি ৪ টা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই চাপৰ সন্মুখীন হৈছিল যদিও বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বলত ভাৰতে পাকিস্তানৰ বলাৰক এক প্ৰকাৰ ধৰাশায়ী কৰি তোলে। ইয়াৰ লগে লগে দলটোৱে যোৱা বছৰ বিশ্বকাপত ১০ টা উইকেট হেৰুৱাৰ

Read More »

বেজেৰা মিনি ষ্টেডিয়ামত প্ৰীতি ফুটবল খেল | Football in Bezera Mini Stadium

হৰদত্ত – বীৰদত্ত ক্ৰিড়া সংঘৰ উদ্যোগত বেজেৰা কেন্দ্ৰীয় যুৱক সংঘৰ সহযোগত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় মিনি ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হল পঞ্চম বার্ষিক চি. এম. চেম্পিয়নচীপ ট্ৰফী ৷ আমন্ত্রণমূলক প্রাইজমানি ফুটবল প্রতিযোগিতাৰ চতুর্থ কোৱাটাৰ ফাইনেল ৷ এই খেলখন উদ্ধোধন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে লগতে উপস্থিত থাকে তেওঁৰ ব্যক্তিগত সহায়ক প্রাণজিৎ ডেকা ৷ লগতে এই খেলখনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ৷ এই খেলখন ফেৰেংগা ফুটবল ক্লাব (চিৰাং)আৰু বর্ণিহাত ফুটবল ক্লাৱ (মেঘালয়) ৰ মাজত অনুষ্ঠিত হয় ৷ এই খেল পৰিচালনাৰ মুখ্য সভাপতি দিলীপ ডেকা আৰু পৰিচালনাৰ সম্পাদক ধ্রুৱ জ্যোতি বৰুৱা ৷ এই প্রাইজমানি ফুটবল খেলখন ফেৰেংগা ফুটবল ক্লাব ( চিৰাঙে ) 4-1

Read More »

আজিৰে পৰা গুৱাহাটীত দুদিনীয়াকৈ আৰম্ভ অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ- ২০২২

গুৱাহাটীঃ অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীৰ খানাপাৰাস্থিত গণেশ মন্দিৰ ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে কেডেট জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ ২০২২। ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ ১২০০ ৰো অধিক খেলুৱৈ আৰু ৮০ ৰো অধিক টেকনিকেল অফিচিয়েলৰ অংশগ্ৰহণে কৰিছে এই প্ৰতিযোগিতাখনত। বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক কাৰাটে সন্থাৰ সভাপতি তথা কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, অসম মন্ত্ৰীসভাৰ সদস্য যোগেন মহন, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি কল্যাণ গগৈ , অসম ৰাজ্যিক কাৰাটে সন্থাৰ উপ-সভাপতি তথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰি, ৰঞ্জন কাকতি, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ভৱজ্যোতি গোস্বামী, অসম সাঁতোৰৰ গ্লেমাৰ বয় হিচাপে খ্যাত এলভিছ

Read More »