বাক্সাৰ চুক্ৰুংবাৰীৰ বুহুম বড়োৰ কৃতিত্ব
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সহ প্ৰথম বিভাগত উত্তীৰ্ণ বুহুম বড়ো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ চুক্ৰুংবাৰীৰ বুহুম বড়োৱে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ কোকৰাঝাৰস্থিত অক্সিলিয়াম ইংলীচ মিডিয়াম স্কুলৰ ছটা বিষয়ৰ ছটাতে লেটাৰ নম্বৰ লাভ কৰে৷ ছাত্ৰজনে ইংৰাজী বিষয়ত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰাৰ লগতে মুঠ ৫৬৭ নম্বৰ লাভ কৰিছে৷ ছাত্ৰজনৰ পিতৃ মণিকান্ত বড়ো আৰু মাতৃ সুমিত্ৰা বড়োৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজে বুহুম বড়োৰ এই কৃতিত্বক শলাগ জনাইছে৷ মেধা সম্পন্ন ছাত্ৰ জনে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন থকা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ নিউজ ডেক্স ৰিপোৰ্ট, সংবাদ প্ৰহৰী